ETV Bharat / state

মুখ্যমন্ত্ৰীৰ 53 সংখ্যক জন্মদিনত 53 খন আঁচনিৰ শিলান্যাস - Foundation Stone of 53 Schemes on CMs 53rd Birthday

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ 53 সংখ্যক জন্মদিন উপলক্ষে নলবাৰীত শিলান্যাস কৰা হ'ল ৫৩ টাকৈ উন্নয়নমূলক কামৰ (Foundation stone laid in Nalbari)। ১৫ কোটি ৬৭ লাখ টকা ব্যয় সাপেক্ষ এই আঁচনিসমূহৰ শিলান্যাস কৰে বিত্তমন্ত্ৰী তথা নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওঁ‌গে ।

Foundation stone laid in Nalbari
মুখ্যমন্ত্ৰীৰ 53 সংখ্যক জন্মদিনত 53 খন আঁচনিৰ শিলান্যাস
author img

By

Published : Feb 1, 2022, 10:54 PM IST

নলবাৰী, 1 ফেব্ৰুৱাৰী: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আজি ৫৩ সংখ্যক ওপজা দিন (Birthday of Himanta Biswa Sarma) । মুখ্যমন্ত্ৰীৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে নলবাৰীত শিলান্যাস কৰা হ'ল ৫৩ টাকৈ উন্নয়নমূলক কামৰ (Foundation stone laid in Nalbari)। নলবাৰী নাট্যমন্দিৰত ভাৰ্চুৱেলী নলবাৰী চহৰত ৰূপায়িত হ'বলগা ১৫ কোটি ৬৭ লাখ টকা ব্যয় সাপেক্ষ এই আঁচনিসমূহৰ শিলান্যাস কৰে বিত্তমন্ত্ৰী তথা নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওঁ‌গে ।

'কৰ্মৰত মহিলা'ৰ বাবে মহিলা আৱাসগৃহ, এন এল বি ৰ'ডত বিজ্ঞানসন্মত নলা আৰু উচ্চ মানৰ পদপথ নিৰ্মাণ, এন টি ৰ'ডৰ পৰা সোণপুৰ গোপাল থানলৈ বিজ্ঞানসন্মত নলা আৰু উচ্চ মানৰ পদপথৰ নিৰ্মাণৰ লগতে পাৰ্কিঙৰ সুবিধাৰে এই পথছোৱাত সৌন্দৰ্য বৰ্ধন কৰি সৰু সৰু দোকান আৰু ফুড ষ্ট’ল নিৰ্মান কৰি ৱাকিং জ'ন গঢ়ি তোলা, জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহ উন্নতমানৰ কৰি গঢ়ি তোলা, বৰ্দ্ধনটোলীৰ ডাম্পিং গ্ৰাউণ্ড চাৰিসীমাৰ বেৰৰ লগতে নলা আৰু প্ৰৱেশদ্বাৰ নিৰ্মাণ, ২৩ টা পেভাৰ ব্লক পথ নিৰ্মাণ, নলবাৰী পৌৰসভাৰ অন্তৰ্গত ১৪ টাকৈ স্থানত হাই মাক্স লাইট সংস্থাপন আদিকে ধৰি মুঠ ৫৩ খন আঁচনিৰ শিলান্যাস কৰে অভিভাৱক মন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰীৰ 53 সংখ্যক জন্মদিনত 53 খন আঁচনিৰ শিলান্যাস

আনহাতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা(#NirmalaSitharaman) বাজেট সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী অজন্তা নেওঁ‌গে । মন্ত্ৰীগৰাকীয়ে এই বাজেট জনমুখী, বলিষ্ঠ বাজেট বুলি অভিহিত কৰে । এই বাজেটে ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে আগন্তুক ২৫ বছৰৰ বাবে ভাৰতবৰ্ষত উন্নয়নৰ ভেটি গঢ়িব বুলি উল্লেখ কৰি বাজেটখনে দেশৰ সামগ্ৰিক বিকাশৰ বতৰা কঢ়িয়াই অনা বুলি মন্তব্য কৰে ।

আনহাতে শিলান্যাসৰ এই অনুষ্ঠানতে নলবাৰী বালিকৰিয়া নিবাসী শিল্পী দীপক ৰাজবংশীয়ে নিজ হাতেৰে নিৰ্মাণ কৰি উলিওৱা এখনি ‘পদ্মাসন’ মূখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্তমল্ল বৰুৱাক উপহাৰ হিচাপে আগবঢ়ায় । উল্লেখ্য যে, ইয়াৰ পূৰ্বে শিল্পীগৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো উপহাৰ হিচাপে আগবঢ়াইছিল নিজ হাতেৰে নিৰ্মাণ কৰা এখনি ‘অনন্ত শয্যা’ৰ দৃশ্য । অনুষ্ঠানৰ শেষত মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে নাগাৰা নামো পৰিৱেশন কৰা হয় ।

লগতে পঢ়ক: #Budget2022: কৃষিখণ্ডৰ বাবে দহটা গুৰুত্বপূৰ্ণ খবৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.