নলবাৰী,27 মে’: বিগত ২৪ মে’ত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল এটা ভিডিঅ’ ৷ ধ্যানজ্যোতি ডেকা নামৰ এজন যুৱকৰ ফেচবুক একাউণ্টৰ জৰিয়তে আপলোড হোৱা ভিডিঅ’টো ৰেকৰ্ডিং কৰিছিল আন এজন যুৱকে ৷
ধ্যানজ্যোতি ডেকা নামৰ যুৱকজনে ভিডিঅ’টোত নলবাৰীৰ যুৱতীক ৰাস মেলাত লগ পোৱাৰ কথা উল্লেখ কৰি ছোৱালীজনীয়ে ব্যৱহাৰ কৰা ভাষা সন্দৰ্ভত ইতিকিং কৰে ৷ উক্ত ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে জিলাখনত আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷
নলবাৰীৰ থলুৱা কথিত ভাষাটোক যুৱকজনে ইতিকিং কৰা কাৰ্যক সহজভাৱে ল’ব পৰা নাই স্থানীয় লোকে ৷ এই কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আন্তঃৰাষ্ট্ৰীয় কুংফু খেলুৱৈ নলবাৰী নিবাসী ধৰ্মেশ্বৰ হালৈ আৰু সমাজ সচেতন মহিলাৰ তৰফৰ পৰা উপাসনা ডেকাই নলবাৰী সদৰ থানাত দাখিল কৰে এজাহাৰ ৷ অভিযোগ দাখিলকাৰীদ্বয়ে নলবাৰীৰ নাৰী আৰু ভাষাক লৈ যুৱকজনে কৰা তুচ্ছ-তাচ্ছিল্য কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে দোষীৰ শাস্তি দাবী কৰে ৷
লগতে চাওকঃ মহামায়া বনাঞ্চলত বিৰল প্ৰজাতিৰ শগুণ উদ্ধাৰ