নলবাৰী,17 জুন : নলবাৰীত 'ফেচবুক চেলফি গ্ৰুপ'ৰ প্ৰশংসনীয় পদক্ষেপ ৷ অনাথ শিশুক বিতৰণ কৰিলে অত্যাৱশ্যকীয় সামগ্ৰী ৷ বৰ্তমান সময়ত অতি জনপ্ৰিয় ছ’চিয়েল মাধ্যম হ’ল ফেচবুক ৷ পিছে আপুনি মই ব্যৱহাৰ কৰা ফেচবুক হ'ব পাৰে আদৰ্শ তথা প্ৰেৰণাৰ উৎস ৷ তেনে এক প্ৰশংসনীয় পদক্ষেপেৰে এতিয়া আগবাঢ়ি আহিছে 'ফেচবুক চেলফি গ্ৰুপ'ৰ সদস্য সকলে ৷
দেওবাৰে এই গ্ৰুপৰ সদস্যসকলে নলবাৰীৰ সাৰথি নামৰ এখন শিশু অনাথ আশ্ৰমত বিতৰণ কৰিলে খাদ্যৰ লগতে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী ৷ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 62 হাজাৰ সদস্য-সদস্যা থকা গ্ৰুপটোৰ এই কাৰ্যই মহানুভৱতাৰ লগতে সামাজৰ প্ৰতি দায়বদ্ধতাৰ নিদৰ্শন দেখুৱাইছে ।