নলবাৰী,19 মে’: দেশত ক’ৰণাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ প্ৰতিদিনে আক্ৰান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ তাৰ সমান্তৰালভাবে ৰাজ্যতো ক্ৰমাৎ জটিল হৈ পৰিছে ক’ভিড-19ৰ পৰিস্থিতি ৷
তাৰ মাজতে ক’ভিডৰ দ্বিতীয় ঢৌত নলবাৰীত বৰ্তমানলৈ 3,986 গৰাকী আক্ৰান্ত হৈছে ৷ বুধবাৰৰ দিনটোত 171 গৰাকী ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে ৷
বৰ্তমান জিলাখনত ক’ভিড আক্ৰান্ত সক্ৰিয় হৈ থকা ৰোগীৰ সংখ্যা হৈছে 2,425 গৰাকী ৷ ইফালে হ’ম আইচ’লেছনত বৰ্তমানেও জিলাখনত আছে 2,138 গৰাকী ৷

একেদৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 100 গৰাকী, বেলশৰ মডেল হাস্পাতালত 34 গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পাতালত আছে 45 গৰাকী আৰু খাটিকুছিৰ মহাত্মা গান্ধী মডেল হাস্পাতালত 36 গৰাকী আৰু সাৰথি হাস্পাতালত 23 গৰাকী ভৰ্তি হৈ আছে ৷
আনহাতে নতুনকৈ আদাবাৰীস্থিত মডেল হাস্পাতালত 6 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰিছে স্বাস্থ্য বিভাগৰ লোকে ।
ইয়াৰ উপৰিও GMCH , MMCH আৰু কালাপাহাৰৰ ক’ভিড চিকিৎসালয়লৈ 65 গৰাকী উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছে জিলা স্বাস্থ্য বিভাগে ৷