ETV Bharat / state

ক’ভিডৰ দ্বিতীয় ঢৌত ত্ৰস্তমান সমগ্ৰ ৰাজ্য

author img

By

Published : Jun 2, 2021, 3:58 PM IST

ক’ভিদৰ দ্বিতীয় ঢৌত ত্ৰস্তমান ৰাজ্য ৷ হ্ৰাস পোৱা নাই ক’ভিডৰ সংক্ৰমণ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নলবাৰী আৰু ডিব্ৰুগড়তো বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷

ক’ভিডত ত্ৰস্তমান সমগ্ৰ ৰাজ্য
ক’ভিডত ত্ৰস্তমান সমগ্ৰ ৰাজ্য

নলবাৰী, 2 জুন: ক’ভিডৰ দ্বিতীয় ঢৌত ত্ৰস্তমান নলবাৰী ৷ মঙলবাৰৰ দিনটোলৈকে নলবাৰী জিলাত ক’ভিডত (Covid 19) আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে গৈ 5248 গৰাকী । ইয়াৰে ভিতৰত মঙলবাৰৰ দিনটোত ক’ভিড (Covid 19)ত আক্ৰান্ত হৈছে 55 গৰাকী ব্যক্তি ।

প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমানলৈকে নলবাৰী জিলাখনত আক্ৰান্ত হৈ আছে 1340 গৰাকী লোক ৷ ইফালে হোম আইচ’লেশ্যনত বৰ্তমানেও জিলাখনত আছে 1340 গৰাকী ব্যক্তি ৷

ইফালে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 85 গৰাকী, বেলশৰ মোডেল হাস্পতালত 23 গৰাকী, মাখিবাহা আদৰ্শ হাস্পতালত আছে 22, মহাত্মা গান্ধী মোডেল হাস্পতালত খাটিকুছিত 29 গৰাকী, সাৰথি হাস্পতালত 9 গৰাকী আৰু আদাবাৰী মোডেল হাস্পতালত 17 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে ।

ইয়াৰ উপৰিও জি এম চি এইচ (GMCH), এম এম চি এইচ (MMCH) আৰু কালাপাহাৰ ক’ভিড চিকিৎসালয়লৈ 41 গৰাকী লোকক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে ৷ আনহাতে, নলবাৰী জিলাত মঙলবাৰৰ দিনটোত ক’ভিড পৰা আৰোগ্য লাভ কৰিছে 116 গৰাকী ব্যক্তিয়ে । এই কথা সদৰি কৰিছে নলবাৰী জিলা স্বাস্থ্য বিভাগে ৷

মৰাণ : ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত মঙলবাৰৰ দিনটোতে ৬২ জন লোকৰ দেহত ধৰা পৰিছে ক'ভিড-19ৰ উপস্থিতি । ইয়াৰে খোৱাং স্বাস্থ্য কেন্দ্ৰৰ ৬২ জন নিৱাসী বুলি চিনাক্ত কৰা হৈছে ।

ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি মঙলবাৰৰ দিনটোলৈকে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মুঠ ২০৭৮ গৰাকী লোক আক্ৰান্ত হৈছে ক'ভিড-19ত । ক'ভিড আক্ৰান্ত সকলক ৭ জনক মৰাণ নৱোদয় বিদ্যালয়, লেঙেৰী ক'ভিড কেয়াৰ চেণ্টাৰত আৰু বাকী সকলক হোম আইচ’লেশ্যনত ৰখা হৈছে । ইফালে বৰ্তমান ৪৭৩ সক্ৰিয় ক'ভিড (Covid 19) সংক্ৰমিত লোক হোম আইচলেশ্যনত আছে ।

উল্লেখ্য যে, ২নং লুকুমাই গাঁৱত সৰ্বাধিক ২০ জনৰ দেহত ক'ভিড (Covid 19) পজিটিভ পোৱা গৈছে । চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত মঙলবাৰে ৬ জন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে । পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সৰ্বমুঠ ৪৮০ জন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে ।

চিকিৎসকসকলে জানিবলৈ দিয়া মতে, আক্ৰান্ত প্ৰায় সকলকে হ’ম আইচ’লেশ্যনত ৰখা হৈছে । দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ ২৫৫৮ জন লোক ক'ভিডত আক্ৰান্ত হৈছে । মৰাণত ক'ভিড (Covid 19)ত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ জন ৷

লগতে পঢ়ক: কামপুৰত আৰক্ষীৰ জালত ড্ৰাগছসহ দুই যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.