ETV Bharat / state

COVID-১৯ৰ সংক্ৰমণ: নলবাৰীত ১৪৪ ধাৰা জাৰি - জিলা দণ্ডাধীশ পূৰৱী কোৱঁৰে

COVID-১৯ৰ সংক্ৰমণ বৃ্দ্ধিৰ ভয়াৱহ সমস্যা ৰোধৰ বাবে নলবাৰীত ১৪৪ ধাৰা জাৰি । ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰাৰ লগতে ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱাৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নিষেধাজ্ঞা ।

COVID-১৯ৰ সংক্ৰমণঃ নলবাৰীত ১৪৪ ধাৰা জাৰি

author img

By

Published : Mar 29, 2021, 7:19 PM IST

নলবাৰী, ২৯ মাৰ্চ: ভাৰতৰ বিভিন্ন ৰাজ্যত ক্ৰমান্বয়ে COVID-১৯ৰ সংক্ৰমণ পুনৰ বৃ্দ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে । সমান্তৰালকৈ অসমতো মুখ্য সচিবে মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে সাৱধনতা অৱলম্বন কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে । মুখ্য সচিবৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাই সোমবাৰে নলবাৰীত ১৪৪ ধাৰা জাৰি কৰা হয় ।

COVID-১৯ৰ সংক্ৰমণঃ নলবাৰীত ১৪৪ ধাৰা জাৰি
COVID-১৯ৰ সংক্ৰমণঃ নলবাৰীত ১৪৪ ধাৰা জাৰি

জিলা দণ্ডাধীশ পূৰৱী কোৱঁৰে ১৪৪ ধাৰা জাৰি কৰি ৰাইজক সজাগ আৰু সৱধান হৈ থাকিবলৈ আহ্বান জনায় । নিৰ্দেশনা অনুসৰি মহামাৰীৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ জন সমাৱেশৰ আঁতৰি থাকিবলৈ কোৱা হৈছে । লগতে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰা হৈছে ।

ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে । COVID-১৯ৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ এই নিষেধাজ্ঞা তৎকালীনভাৱে বলৱৎ কৰা হৈছে আৰু পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব বুলিও জনাইছে জিলা দণ্ডাধীশগৰাকীয়ে ।

লগতে পঢ়ক:লুৰিণজ্যোতিৰ মাতৃৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল'লে আছুৰ উপদেষ্টাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.