ETV Bharat / state

কৰ’ণা ভাইৰাছ সম্পৰ্কত নলবাৰীত উপায়ুক্তৰ সতৰ্কীকৰণ সভা

author img

By

Published : Mar 13, 2020, 10:34 PM IST

প্ৰায় বিশ্বজুৰি বিয়পি পৰা কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত নলবাৰী জিলা প্ৰশাসনে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰিছে ৷ তাৰবাবে জিলা প্ৰশাসনে মুকলি কৰিলে বিনামূলীয়া দূৰভাষ নম্বৰ ৷

Corona awarness DC meet nalbari assam etv bharat news
উপায়ুক্তৰ সতৰ্কীকৰণ সভা

নলবাৰী,13 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে শুকুৰবাৰে নলবাৰীৰ জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীৰ তৎপৰতাত উপায়ুক্তৰ সভাকক্ষত এক জৰুৰীকালীন সভা অনুষ্ঠিত কৰা হয় ৷ সভাখনত অংশগ্ৰহণ কৰে স্বাস্থ্য বিভাগকে আদি কৰি জিলাখনৰ সকলো বিভাগৰ মুৰব্বী তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে ৷ উক্ত সভাত কৰ’ণা ভাইৰাছ সন্দৰ্ভত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰা হয় ৷ উল্লেখ্য যে, সভাখনৰ জৰিয়তে জিলাখনলৈ বিদেশ বা বহিঃৰাজ্যৰ কোনো ব্যক্তিৰ আগমন হ'লে গাঁওবুঢ়াসকলক চক্ৰ বিষয়াক অৱগত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে উপায়ুক্তগৰাকীয়ে ৷ ইয়াৰ বাবে জিলাখনৰ বিভিন্ন চিকিৎসালয়ত ইতিমধ্যে আছুতীয়া বিচনা আৰু কক্ষ স্থাপন কৰা হৈছে । প্ৰয়োজন সাপেক্ষে ইয়াৰ সংখ্যা আৰু বৃদ্ধি কৰা হ’ব বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ।

আনহাতে, কোনো ব্যক্তিৰ শৰীৰত এই ভাইৰাছৰ লক্ষণসমূহ পৰিলক্ষিত হ'লে ব্যক্তিগৰাকীক আছুতীয়াকৈ ৰখাৰ উপৰিও নমুনা সংগ্ৰহ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নিৰ্দিষ্ট পৰীক্ষাগাৰলৈ পঠোৱাৰ বাবে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে । জিলাখনত ১০৮সেৱা আৰু এম্বুলেঞ্চসমূহ যাতে ২৪ঘণ্টা সাজু হৈ থাকে তাৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে উপায়ুক্ত চৌধুৰীয়ে ৷

উপায়ুক্তৰ সতৰ্কীকৰণ সভা

সমান্তৰালকৈ হাট-বজাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ পৰিস্কাৰকৈ ৰাখিবলৈ গাঁও পঞ্চায়ত আৰু পৌৰসভাক নিৰ্দেশ দিয়ে উপাযুক্ত গৰাকীয়ে ৷ তদুপৰি, বিষয়া-কৰ্মচাৰীসকলৰ ঘৰলৈ কোনো আলহী-অতিথি আহিলে সাৱধানে থাকিবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনায় । যথাসম্ভৱ মানুহৰ সমাগম পৰিহাৰ কৰিবলৈ চৌধুৰীয়ে আহ্বান জনাইছে ৰাইজক ৷

শুকুৰবাৰে অসম চৰকাৰৰ মুখ্য সচিবে কৰ’ণা ভাইৰাছ সম্পৰ্কত উপায়ুক্ত সমন্বিতে স্বাস্থ্য বিভাগকে ধৰি কেইবাটাও বিভাগৰ সৈতে ভিডিঅ' কনফাৰেঞ্চযোগে সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত জৰুৰীকালীন সভাখন অনুষ্ঠিত কৰা হয় । উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে জিলাখনৰ ৰাইজৰ সুবিধাৰ বাবে বিনামূলীয়া দূৰভাষ নম্বৰ ০৩৬২৪-২২০২১৯ আৰু ১০৭৭ মুকলি কৰে ৷ যাতে ক'ৰোনা ভাইৰাচ সম্পৰ্কত কিবা জনাবলগীয়া বা জানিবলগীয়া থাকে সেইবোৰ সৰ্বসাধাৰণ ৰাইজে জনাব পাৰে ৷

লগতে চাওকঃভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 75 লৈ বৃদ্ধিঃকেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.