ETV Bharat / state

নলবাৰীত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস: প্ৰত্যুত্তৰ দিলে বিজেপিয়ে - ৰাষ্ট্ৰীয় সমস্যা

বিগত 2016 চনত প্ৰধানমন্ত্ৰী অসমলৈ আহি বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বিষয়ে দিয়া প্ৰতিশ্ৰুতি আজিকোপতি প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল ৷ তদুপৰি ২০১৭ চনত বানৰ বাবে ৫০০ কোটি টকীয়া পেকেজ ঘোষণাৰ আশ্বাস প্ৰদান কৰিছিল কেন্দ্ৰই ৷ কিন্তু ইয়াৰ কোনো এক প্ৰতিশ্ৰুতি পালন নকৰি ৰাজ্যবাসীক উপলুঙা কৰা বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে সোমবাৰে প্ৰতাৰণা দিৱস পালন কৰে কংগ্ৰেছে ৷

Congress protest against betrayal of BJP govenment nalbari assam etv bharat news
কংগ্ৰেছৰ প্ৰতাৰণা দিৱস
author img

By

Published : Aug 3, 2020, 7:22 PM IST

নলবাৰী,3 আগষ্ট: বিজেপি চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্য বিৰোধী দল কংগ্ৰেছে সোমবাৰৰ দিনটোত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ সমগ্ৰ ৰাজ্যতে সাব্যস্ত কৰা এই প্ৰতিবাদক কংগ্ৰেছে নামাংকিত কৰিছে প্ৰতাৰণা দিৱস হিচাপে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নলবাৰীতো টাউন ব্লক কংগ্ৰেছ আৰু পূৱ নলবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত ৰাজীৱ ভৱনত পালন কৰা হৈছে এই প্ৰতাৰণা দিৱস ৷ উল্লেখ্য যে, বিজেপি চৰকাৰে ৰাজ্যৰ শাসনভাৰ চম্ভালি লোৱাৰ পিছতে বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ বিগত 2016 চনত প্ৰধানমন্ত্ৰী অসমলৈ আহি বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বিষয়ে দিয়া প্ৰতিশ্ৰুতি আজিকোপতি প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল ৷ তদুপৰি ২০১৭ চনত বানৰ বাবে ৫০০ কোটি টকীয়া পেকেজ ঘোষণাৰ আশ্বাস প্ৰদান কৰিছিল কেন্দ্ৰই ৷ কিন্তু ইয়াৰ কোনো এক প্ৰতিশ্ৰুতি পালন নকৰি ৰাজ্যবাসীক উপলুঙা কৰা বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে এই দিৱসটো পালন কৰে কংগ্ৰেছে ৷

কংগ্ৰেছৰ প্ৰতাৰণা দিৱস পালন

আনহাতে জিলাখনৰ মাজমজিয়াত কংগ্ৰেছে পালন কৰা প্ৰতাৰণা দিৱসত ক্ষোভিত হৈ বিজেপিৰ একাংশ কৰ্মীয়ে প্ৰদৰ্শন কৰে বিক্ষোভ ৷ ৰাখী বন্ধনৰ পবিত্ৰ দিনটোত কংগ্ৰেছে এই দিৱস পালনেৰে একপ্ৰকাৰৰ কৌতুক সৃষ্টি কৰিছে বুলি ভাৰতীয় জনতা যুৱ মৰ্চাৰ একাংশ কাৰ্যকৰ্তাই কঠোৰ সমালোচনা কৰে ৷ পূৰ্বতে জন সাধাৰণে কংগ্ৰেছৰ কাৰ্যকালত অতিষ্ঠ হৈ বিজেপি চৰকাৰ বাছনি কৰিছে বুলিও মন্তব্য প্ৰকাশ কৰে বিজেপিৰ কৰ্মকৰ্তাসকলে ৷ মুঠৰ ওপৰত সোমবাৰৰ দিনটোত নলবাৰীত পৰিলক্ষিত হ’ল কংগ্ৰেছ-বিজেপিৰ বোকা ছটিওৱাৰ ৰাজনীতি ৷

কংগ্ৰেছক যোগ্য প্ৰত্যুত্তৰ বিজেপিৰ

লগতে চাওকঃ ছাগলী চোৰ কৰি ৰঙা ঘৰৰ আলহী হ'ল দুই যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.