ETV Bharat / state

বৰক্ষেত্ৰীত দিগন্ত বৰ্মনৰ মনোনয়ন দাখিল

author img

By

Published : Mar 18, 2021, 5:11 PM IST

বৰক্ষেত্ৰীত খেলা দেখুৱাই মনোনয়ন পত্ৰ দাখিল কৰিলে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী দিগন্ত বৰ্মনে । বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ পৰা এক বিশাল ৰেলী উলিওৱা হয় । প্ৰায় দহ কিল’মিটাৰ দৈৰ্ঘৰ এই বাইক আৰু চাৰিচকীয়া বাহনৰ ৰেলীয়ে বৰক্ষেত্ৰীত চমক সৃষ্টি কৰি মনোনয়ন দাখিল কৰে ।

বৰক্ষেত্ৰীত দিগন্ত বৰ্মনৰ মনোনয়ন দাখিল
বৰক্ষেত্ৰীত দিগন্ত বৰ্মনৰ মনোনয়ন দাখিল

নলবাৰী,১৮ মাৰ্চ: বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰিলে বৰক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী দিগন্ত বৰ্মনে । বৰক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাৰ্থীগৰাকীয়ে । বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে প্ৰাৰ্থীগৰাকীয়ে । দিগন্ত বৰ্মনৰ মনোনয়ন দাখিলৰ পূৰ্বে বৰক্ষেত্ৰীত চমক সৃষ্টি কৰি বিশাল সমদল উলিয়ায় । এই বিশাল সমদল বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আহি মিলিত হয় ।

গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা ঢোলে-ডগৰে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী দিগন্ত বৰ্মনক উপায়ুক্তৰ কাৰ্যালয়লৈ সমৰ্থকসকলে আদৰি নিয়ে । কংগ্ৰেছ কৰ্মী তথা সমৰ্থকৰ পাৰ ভঙা উচাহৰ মাজত উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে বৰ্মনে । সমগ্ৰ নলবাৰীতে কেৱল কংগ্ৰেছ কংগ্ৰেছ কৰি এক ঢৌৰ সৃষ্টি কৰিলে দলটোৱে ।

বৰক্ষেত্ৰীত ব্যাপক কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি দিগন্ত বৰ্মনে কয় যে, অসমৰ ভিতৰতে সৰ্বোচ্চ ধন বৰক্ষেত্ৰীত আৱণ্টিত হৈছে । প্ৰায় ২২৩ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱা বুলি মন্তব্য কৰি দিগন্ত বৰ্মনে কয় যে, বৰক্ষেত্ৰীৰ ৰাইজে এইবাৰ হিলদল ভাঙি কংগ্ৰেছমুখী হৈছে । আনহাতে তেওঁ জয়ী হ'লে কংগ্ৰেছ চৰকাৰৰ দিনত ঘোষিত নলবাৰীৰ দ্বিতীয়টো মহকুমাৰ কাম ছয় মাহৰ ভিতৰত কাৰ্যকৰী কৰিব বুলিও আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক: বৰপেটাত মনোৰঞ্জন তালুকদাৰৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.