নলবাৰী, ৩ জুলাই: সোমবাৰে নলবাৰীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ পষেকেৰে কেইবাটাও নতুন প্ৰকল্পৰ মুকলি আৰু আধাৰশিলা স্থাপন কৰে । প্ৰথমে মুখ্যমন্ত্ৰীগৰাকীয়ে নলবাৰী গণেশ মন্দিৰ চ'কৰ পৰা হৰিমন্দিৰলৈ সংযোগী গৌৰৱ পথেৰে নামকৰণ হোৱা পথচোৱা মুকলি কৰে । লগতে গণেশ মন্দিৰ চ'কৰ সমীপত বীৰ চিলাৰায় ভৱনৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পিছতে কিছুদিন পূৰ্বে সাময়িকভাৱে নলবাৰী জিলা প্ৰশাসনে মুকলি কৰা নলবাৰীৰ প্ৰথমখন উৰণীয়া সেতু আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিক ভাবে মুকলি কৰে ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লগতে হৰিমন্দিৰ চ'কত নলবাৰী চহৰ আৰু গ্ৰামাঞ্চলৰ পৰা নলবাৰী মেডিকেল কলেজলৈ চাৰিখন চৰকাৰী এ এছ টি চি চিটি বাছ সেৱাৰ মুকলি কৰে । আনহাতে,উক্ত অনুষ্ঠানৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সোণপুৰস্থিত নৱনিৰ্মিত জিলা বিজেপি কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে । এই সকলোবোৰ কাৰ্যসূচীৰ অন্তত নলবাৰী চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নলবাৰী নগৰ প্ৰেক্ষাগৃহটোৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
ইয়াৰ পিছতে তেওঁ জল জীৱন মিছনৰ জল জীৱন সন্মিলনত উপস্থিত হয় । উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে নলবাৰীৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ,স্থানীয় সাংসদ দিলীপ শইকীয়া,সাংসদ কুইন ওজা ,কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,ৰঞ্জিত দাস , নন্দিতা গাৰ্লোচা ,বিত্ত মন্ত্ৰী অজন্তা নেওগ, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,বিধায়ক দিগন্ত বৰ্মন জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা,বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাকে আদি কৰি বহুতো দলীয় নেতা- কৰ্মীৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী ।
উক্ত জল জীৱন সন্মিলনখনতে নলবাৰী জিলাৰ কেইবাটাও নতুন প্ৰকল্পৰ ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই । এই অনুষ্ঠানটোত লোক নিৰ্মাণ বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথকে ধৰি নলবাৰী সমষ্টিত AIIB ৰ অধীনত চাৰিটাকৈ নতুন 33/11 KV উপকেন্দ্ৰ স্থাপন কৰে । নলবাৰী সমষ্টিৰ পূৱ নলবাৰী মণ্ডল ,টাউন মণ্ডল আৰু বড়িগোগ বনভাগ মণ্ডলৰ বাঁহজানী মিলনবজাৰ ,নলবাৰী চহৰৰ গোপালবজাৰ, বড়িগোগৰ চতমা আৰু উত্তৰ নলবাৰীৰ বালিতাৰাত স্থাপন হ'ব এই চাৰিটা নতুন বৈদ্যূতিক উপকেন্দ্ৰ।
লগতে পঢ়ক:Sudakshina sharma is no more : অন্তিম শয়নত সুকণ্ঠী গায়িকা সুদক্ষিণা শৰ্মা