নলবাৰী,৯ জুন: ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । তাৰ মাজতে বানে শেহতীয়াকৈ কেইবাখনো জিলাত কাল ৰূপ ধাৰণ কৰিছে । সেয়ে ক'ভিড(covid) পৰিস্থিতি লগতে বান পৰিস্থিতিৰ বুজ ল'বলৈ বুধবাৰে নলবাৰী জিলাত উপস্থিত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা । জিলাখন পৰিদৰ্শন কৰাৰ লগতে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত এক বিশেষ বৈঠকত মিলিত হয় মুখ্য সচিবগৰাকী ।
বৈঠকত মুখ্য সচিবগৰাকীয়ে উপস্থিত থকা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক তথা উক্ত বিভাগৰ অন্যান্য বিষয়াৰ সৈতে বৰ্তমান জিলাখনত দৈনিক হৈ থকা ক'ভিড পৰীক্ষা, ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী, তথা ক'ভিড ৰোগীৰ বাবে উপলব্ধ হোৱা চিকিৎসা ব্যস্থাপনা সম্পৰ্কীয় বিষয়বোৰত আলোচনা কৰে ।
![chief secretary](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-nlb-04-9june-chief-secrectary-p-as10004_09062021191708_0906f_1623246428_9.jpg)
ইয়াৰ পিছতে স্বাস্থ্য বিভাগক দৈনিক অব্যাহত ৰখা ক'ভিড পৰীক্ষাৰ সংখ্যা বঢ়াবলৈ কয় আৰু এজন ব্যক্তিৰ RAT পৰীক্ষাৰ কৰাৰ সময়তে RTPCR পৰীক্ষাটোও সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়ে। তেখেতে স্বাস্থ্য সেৱাৰ সৈতে জড়িত সকলোৰে অৰ্থাৎ চিকিৎসকৰ পৰা ধৰি চতুৰ্থ বৰ্গৰ কৰ্মীলৈকে সকলোৰে সোনকালেই প্ৰতিষেধক প্ৰদান ১০০ শতাংশ সম্পূৰ্ণ কৰাৰ পোষকতা কৰে । তেওঁ জিলাখনত ক'ভিড ৰোগীৰ বাবে মজুত থকা মুঠ ICU বিচনাৰ লগতে অক্সিজেনযুক্ত বিচনাৰ খতিয়ান লয় ।
ইয়াৰ উপৰিও জিলাখনত ক'ভিড সজাগতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনাই । সভাত জিলা উপায়ুক্তকে ধৰি স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ বহু শীৰ্ষ বিষয়া উপস্থিত থাকে ।