ETV Bharat / state

বন্যাৰ্তক মন্ত্ৰীৰ সান্তনা : কংগ্ৰেছৰ বাবেহে ভুগিব লগা হৈছে দুৰ্ভোগ ! - assam flood

নলবাৰী ভঙা মথাউৰি পৰিদৰ্শন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ অতিশীঘ্ৰে পুৰ্ণিৰ ক্ষতিগ্ৰস্ত মথাউৰি নিৰ্মাণৰ আশ্বাস বন্যাৰ্তক ৷

flood in assam
flood in assam
author img

By

Published : Jun 1, 2020, 4:30 AM IST

নলবাৰী, 31 মে' : নিজ সমষ্টিৰ বানপীড়িত ৰাইজৰ কাষত উপস্থিত উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ দেওবাৰে নলবাৰী জিলাৰ পুৰ্ণিৰ ভঙা মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। ভঙা মথাউৰি নতুনকৈ নিৰ্মাণ কৰাৰ বাবে ৩১ লাখ টকাৰ অনুমোদন হোৱা বুলি ঘোষণা কৰাৰ লগতে শীঘ্ৰে মথাউৰিৰ কাম কৰা হ'ব বুলি বন্যাৰ্তক আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ।

নলবাৰী ভঙা মথাউৰি পৰিদৰ্শন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

ইফালে লক্ ডাউনৰ বাবে দৈনিক এক হাজাৰ কোটি টকা ক্ষুদ্ৰ উদ্যোগৰ পৰা লোকচান হোৱা বুলি ব্যক্ত কৰে মন্ত্ৰী পাটোৱাৰীয়ে । দিনৰ দুই বজাতে মথাউৰি পৰিদৰ্শন কৰিবলৈ অহাৰ কথা আছিল যদিও সন্ধিয়া আন্ধাৰত মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে মথাউৰি । ইপিনে বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা মহিলা সকলে মন্ত্ৰীগৰাকীৰ আগত ক্ষোভ প্ৰকাশ কৰাত কংগ্ৰেছৰ বাবে দুৰ্ভোগ হোৱা বুলি সান্তনা দি আঁতৰি আহে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী।

লগতে পঢ়ক : অসম আৰক্ষীৰ মোহৰ সম্বলিত ভুৱা জাননী ভাইৰেল !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.