ETV Bharat / state

নিৰ্বাচন আহে আৰু যায়, কিন্তু ৰাইজৰ উন্নয়নহে নহয় ! - গড়কাপ্তানী বিভাগ

নলবাৰীৰ আমনি বাবা থানৰ সমীপৰ বুঢ়াদিয়া নৈৰ কাঠৰ দলঙখনৰ বাবে জীয়াতু ভুগিব লগীয়া হৈছে নলবাৰীৰ সাধাৰণ ৰাইজে ৷ চৰকাৰৰ এই দলঙখনৰ ওপৰত গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ

নিৰ্বাচন আহে আৰু যায়, কিন্তু ৰাইজৰ উন্নয়নহে নহয় !
author img

By

Published : Apr 8, 2019, 9:50 AM IST

নলবাৰী , 8 এপ্ৰিলঃ নলবাৰীৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে নলবাৰীৰ সাধাৰণ ৰাইজ ৷ এই দলঙখন নলবাৰীৰ আমনি বাবা থানৰ সমীপৰ বুঢ়াদিয়া নৈৰ কাঠৰ দলং ৷

নিৰ্বাচন আহে আৰু যায়, কিন্তু ৰাইজৰ উন্নয়নহে নহয় !

এই কাঠৰ দলঙখনৰ ওপৰৰে নিতৌ বিপদসংকুল ভাৱে শ শ যাত্ৰীয়ে টিহু, চামতাৰ লগতে বিভিন্ন ঠাইলৈ যাতায়ত কৰে ৷ ৰাইজৰ অভিযোগ অনুসৰি বিগত বাৰিষাৰ বানত দলঙখলন উটি যোৱাৰ পাচতো গড়কাপ্তানী বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ ইপিনে ধৰ্মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক এই সন্দৰ্ভত বাৰম্বাৰ ৰাইজে অৱগত কৰাৰ পিচতো মন্ত্ৰী গৰাকীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ দিয়ে স্থানীয় ৰাইজে । উল্লেখযোগ্য যে ৰাইজে এই দলঙখন নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰি আহিছে যদিও আজিকোপতি এই জৰাজীৰ্ণ দলঙখন স্থানীয় মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগ ৰাইজৰ ৷ এতিয়া প্ৰশ্ন হয় উন্নয়নৰ দম্ভালি মৰা বিজেপি নেতৃত্বধীন চৰকাৰৰ চকুত কেতিয়া পৰিব আধা কাঠ আৰু আধা বাঁহৰে নিৰ্মিত এই দলঙখন ।

Slug Wooden & Bamboo Bridge Story
6 April 19
Story FTP(File Folder)

Anchor  নিৰ্বাচন আহে আৰু যায়।কিন্তু ৰাইজৰ উন্নয়নহে নহয়।নলবাৰীৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙে জিয়াতু ভোগাইছে সৰ্বসাধাৰণক।আজিও হৈ নুঠিল এখন পকী দলং।আমাৰ এক প্ৰতিবেদন।

Voice ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাঠৰ দলং বাইনোকুলাৰ লৈ চোৱাৰ কথা কৈ দম্ভালি মাৰি  থকাৰ মুহূৰ্ততে তেনে  আজি  আমি দেখুৱাম এইখন কাঠৰ দলং।হয় এইখন হল নলবাৰী জিলাৰ আমনি বাবাৰ থানৰ সমীপৰ বুঢ়াদিয়া নৈৰ কাঠৰ দলং।দলংখনৰ ওপৰেৰে নিতৌ শ শ যাত্ৰী পাৰ হয় কিন্তু যমৰ যাতনা ভুগি  কিদৰে যাত্ৰী  নিতৌ পাৰ হৈ  চাওক এই দৃশ্য।এফালে কাঠৰ দলং  আৰু ইয়াৰে একাংশ  বাহৰ ।দলং খন  যোৱা বাৰিষাৰ বানত উটি যোৱাৰ পিছতো চৰকাৰৰ  দৃষ্টি গোচৰ হোৱা নাই এই দলংখনলৈ ।দলংখনৰ ওপৰেৰে টিহু,চামতাৰ লগতে বিভিন্ন ঠাইলৈ অহা যোৱা কৰিলেও বিপদসংকুল ভাবে আহে ছাত্ৰ ছাত্ৰী ৰ লগতে বিভিন্ন জন।গড়কাপ্তানী বিভাগৰ চকুত নপৰে এই কাঠৰ দলং এয়াই হৈছে ৰাজ্যৰ উন্নয়ন।নামতহে উন্নয়ন কামত একো নাই ।
বাইট পথচাৰী।

Voice =2 উন্নয়নৰ দম্ভালি মৰা এইখন বিজেপি নেতৃত্বধীন চৰকাৰে কেতিয়া পৰিব চকুত আধা কাঠ আৰু আধা বাহৰ দলংখন।ধৰ্মপুৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বাৰম্বাৰ কৈ অহাৰ পিছতো কোনো গুৰুত্ব প্ৰদান কৰা নাই স্থানীয় মন্ত্ৰী গৰাকীয়ে।উল্লেখযোগ্য যে ৰাইজে এই দলংখন নিজৰ গাঠিৰ ধন ভৰি মেৰামতি কৰি আহিছে যদিও কোনো ধৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নাই স্থানীয় মন্ত্ৰী গৰাকীৰ।
বাইট স্থানীয় মহিলা।
           স্থানীয় ব্যক্তি।

নলবাৰীৰ পৰা কৈলাস ডেকা,ETV ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.