ETV Bharat / state

ৰঙা চিলিণ্ডাৰে জ্বলা-কলা খুৱাইছে বঙাইগাঁৱবাসীক

author img

By

Published : Jan 19, 2020, 6:10 PM IST

Updated : Jan 29, 2020, 10:16 PM IST

বঙাইগাঁৱত দীৰ্ঘদিনৰ পৰাই গেছ চিলিণ্ডাৰ বিচাৰি ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে ৷ চিলিণ্ডাৰ যোগানৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বঙাইগাঁৱৰ এলছন ৰন্ধন গেছ এজেঞ্চি ৷ সমগ্ৰ কাণ্ডটো দেখিও নেদেখাৰ ভাঁও জুৰি থাকে স্থানীয় যোগান বিভাগে ৷

বঙাইগাঁও
ৰন্ধন গেছ চিলিণ্ডাৰৰ চূড়ান্ত নাটনি

বঙাইগাঁও,19 জানুৱাৰীঃ চিলিণ্ডাৰ যোগানৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বঙাইগাঁৱৰ এলছন ৰন্ধন গেছ এজেঞ্চি ৷ সম্প্ৰতি গেছ চিলিণ্ডাৰ বিচাৰি ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বঙাইগাঁৱত ৷ তদুপৰি এজেঞ্চিটোৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ ফলত দেওবাৰে বহুসংখ্যক গ্ৰাহকে ক্ষোভৰ বশৱৰ্তী হৈ উপস্থিত হয় স্বয়ং যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বঙাইগাঁৱস্থিত বাসগৃহত ৷

ৰন্ধন গেছ চিলিণ্ডাৰৰ চূড়ান্ত নাটনি

বঙাইগাঁও চহৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপতে থকা গেছ এজেঞ্চিটোৱে দীৰ্ঘদিনে গ্ৰাহকক হাৰাশাস্তি কৰি আহিছিল ৷ এজেঞ্চিটোৰ সৰহ সংখ্যক গ্ৰাহকে চাৰি-পাঁচদিন আগতেই বুকিং আৰু চিলিণ্ডাৰ কিনাৰ ৰচিদ লাভ কৰে ৷ যদিও এটা চিলিণ্ডাৰৰ বাবে খাপ-পিতি বিফল মনোৰথেৰে ঘৰলৈ ওভটিবলগীয়া হয় ৷ আন দিনাৰ দৰে দেওবাৰেও গ্ৰাহকসকলে পুৱা পাঁচ বজাৰ পৰা ন বজালৈ খালি চিলিণ্ডাৰলৈ লাইন পাতি থাকে ৷ ইয়াৰ পিছত এজেঞ্চি কৰ্তৃপক্ষৰ নেতিবাচক মন্তব্য লাভ কৰাত স্বাভাৱিকতে গ্ৰাহকসকলে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ ৰাইজৰ অভিযোগ "চাৰি-পাঁচদিন পূৰ্বে গেছৰ বুকিং কৰি গেছ কিয় নাই বুলি এজেঞ্চিৰ কৰ্মীক প্ৰশ্ন কৰাত, কৰ্মীসকলে কয়-আমি নাজানো ওচৰতে যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ঘৰ, তাতে গৈ সোধক" ৷

ইয়াৰোপৰি এজেঞ্চিটোয়ে দীৰ্ঘদিনৰ পৰাই চিলিণ্ডাৰ বুকিং ব্যৱস্থাটো কৌশলেৰে বন্ধ কৰি এখন ক’লা বজাৰৰ সৃষ্টি কৰিছে ৷ দৈনিক কম সংখ্যক গ্ৰাহকৰ মাজত চিলিণ্ডাৰ বিতৰণ কৰি সৰহ সংখ্যক ক’লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে গ্ৰাহকে । মাত্ৰ গ্ৰাহকক যোগান নাই বুলি কৈ দায়িত্ব সাৰে এজেঞ্চি কৰ্তৃপক্ষই ৷ ৰাইজে এই সন্দৰ্ভত স্বয়ং যোগানমন্ত্ৰীক প্ৰশ্ন কৰাত ক্ষোভ প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে শীঘ্ৰে তদন্তৰ ঘোষণা জিলা প্ৰশাসনক দিয়াৰ আশ্বাস প্ৰদান কৰে আৰু অতিৰিক্ত উপায়ুক্ত উপস্থিত হৈ ঘটনাটোৰ তদন্ত কৰিব বুলি ৰাইজক জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখযোগ্য যে,এজেঞ্চিৰ গুদাম ঘৰত চিলিণ্ডাৰ নাৰাখি অবৈধ গুদামতহে মজুত কৰি ৰাখে গেছ যোগান বিভাগে ৷ এজেঞ্চিৰ সমীপৰ পৰা চিলিণ্ডাৰ বিতৰণ কৰাৰ নামত গ্ৰাহকৰ পৰা অতিৰিক্ত ধন আদায় লয় এজেঞ্চিটোৱে ৷ সমগ্ৰ কাণ্ডটো দেখিও নেদেখাৰ ভাও জুৰি থাকে স্থানীয় যোগান বিভাগে ৷

লগতে চাওকঃকামাখ্যা ৰে'লৱে ষ্টেচনৰ পৰা বৈষ্ণু দেৱী মন্দিৰলৈ 'পুণ্যধাম যাত্ৰা'

Intro:বঙাইগাঁওত গেছ ছিলিণ্ডাৰ বিচাৰি যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰৰ ঘৰ পালে গ্ৰাহক ৷ গেছ এজেঞ্চিত উতপ্ত পৰিস্থিতি ৷ সকলোতে ৰন্ধন গেছ নহকাত হাহাকাৰ বঙাইগাঁওত ।

Body:বঙাইগাঁও এলচন ৰন্ধন গেছ এজেঞ্চিৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি হাৰাশাস্তি অভযোগ গ্ৰাহকৰ ।
বঙাইগাৱঁত গেছ বিচাৰি ৰাইজৰ হাহাকাৰ৷
যোগান মন্ত্ৰীযে গেছ দিব৷তাতে যাওক৷ গেছ কৰ্মচাৰীৰ মন্তব্যত ক্ষুব্ধ গ্ৰাহক৷ এজেঞ্চিত গেছ নাই কিয় নাই যোগান মন্ত্ৰীয়ে হে জানিব । গ্ৰাহক নাচোৰবান্দা গৈ ওলালে মন্ত্ৰীৰ ঘৰত । বঙাইগাঁও চহৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমিপতে থকা এলচন ৰন্ধন গেছ এজেঞ্চিয়ে দীৰ্ঘ দিন ধৰি গ্ৰাহকক হাৰাশাস্তি আৰু চক্ৰান্ত কৰাৰ অভিযোগ উঠিছে ৷
এই এজেঞ্চিৰ সৰহ সংখ্যক গ্ৰাহকে চাৰি পাছ দিন আগতেই গেছ বুকিং আৰু গেছ কিনাৰ পিচিফৰমিছ কাটিও এটা ৰন্ধনগেছৰ চিলিণ্ডাৰৰ বাবে খাপপিতি বিফল মনোৰথেৰে ঘৰলৈ ওভতিবলগা হয় গ্ৰাহক ৷
আন দিনাৰ দৰে দেওবাৰেও গ্ৰাহকে পুৱা পাঁচ বজাৰ পৰা খালি চিলিণ্ডাৰ লৈ লাইন পাতি ৯ বজাত কতৃপক্ষৰ নেতিবাচক মন্তব্য শুনি নিৰাশ হবলগা হোৱাত এজেঞ্চিটোৰ সন্মুখত এক উত্তেজনা ময় পৰিবেশৰ সৃষ্টি হয় ৷ ৰাইজৰ অভিযোগ "চাৰি পাছ দিন আগতেই গেছৰ বুকিং কৰি গেছ কিয় নাই বুলি কৰা প্ৰশ্নত কতৃপক্ষই কয় আমি নাজানো ওচৰতে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ঘৰ তাতে গৈ সোধক । তেও গেছ দুবছৰ ৰাইজে জানিবলৈ দিয়ামতে এজেঞ্চিয়ে বুকিং ব্যৱস্থাটো বন্ধকৰি অতি কৌশলেৰে এক ব্লেক মাৰ্কেটৰ সৃষ্টি কৰিছে দীৰ্ঘদিনধৰি ধৰি৷
এজেঞ্চিয়ে দৈনিক অতি কম সংখ্যক গ্ৰাহকক চিলিণ্ডা বিতৰণ কৰি সৰহভাগ কলা বজাৰত বিক্ৰী কৰাৰ অভিযোগ দীৰ্ঘদিনৰ । অকল যোগান নাই বুলি কৈ দায়িত্ব সাৰে কতৃপক্ষই । ৰাইজৰ প্ৰশ্নত যোগান মন্ত্ৰীৰ খং৷ তৎকালে তদন্তৰ ঘোষণা জিলা প্ৰশাসনক৷ শেষত অতিৰিক্ত উপায়ুক্ত উপস্থিত হৈ তদন্ত কৰা হ'ব বুলি ৰাইজক জনায় ।

বাইট দিলো প্ৰতিবাদী গ্ৰাহকৰ।

Conclusion:উল্লেখযোগ্য যে নিজ খেয়াল খুচি মতে চলাই আহিছে চহৰৰ মাজ মজিয়াৰ এই গেছ এজেঞ্চিটোয়ে৷
এজেঞ্চিৰ নিজ গুডাম ঘৰৰ গেছ নাৰাখি এজেঞ্চিৰ কাষত অবৈধ গুডামত গেছ মজুত কৰি গেছ যোগান৷ এজেঞ্চিৰ ওচৰৰ পৰা গেছ বিতৰণ কৰাৰ নামত অতিৰিক্ত ধন আদায় গ্ৰাহকৰ পৰা৷ অতিৰিক্ত ধন লৈ লুণ্ঠন গেছ এজেঞ্চিৰ কৰ্মচাৰীৰ ৷
দেখুওৱা নেদেখা কাষতে থকা যোগান বিভাগৰত বিষয়া কৰ্মচাৰী৷

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ।
Last Updated : Jan 29, 2020, 10:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.