ETV Bharat / state

Bhabesh Kalita Slams congress: এইবাৰ ধুবুৰী সহিতে 14 খন আসনেই পাব বিজেপিয়ে; ভৱেশ কলিতা - Bhabesh Kalita Slams Rahul Gandhi

শুকুৰবাৰে নলবাৰীত বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফক কঠোৰ সমালোচনা কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Bhabesh Kalita Slams congress) ৷ অহা লোকসভা নিৰ্বাচনত ধুবুৰীসহ 14 খন আসনতেই জয়ী হ’ব বুলি দাবী কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিজনে ৷

Bhabesh Kalita Slams congress
বিৰোধীক সমালোচনা ভৱেশ কলিতাৰ
author img

By

Published : Feb 10, 2023, 10:37 PM IST

বিৰোধীক সমালোচনা ভৱেশ কলিতাৰ

নলবাৰী, 10 ফেব্ৰুৱাৰী: ‘‘কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ পূৰ্বৰে চলি আছে ইলু ইলু । কংগ্ৰেছ পশ্চিমত মাৰ যোৱা বেলি । আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ শূন্য হ’ব । 2024 ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে 14 খন আসনতেই জয়ী হ’ব । এতিয়া আৰু জৰা-ফুকাৰ ৰাজনীতি অসমবাসীয়ে নিবিচাৰে । অসমৰ সংখ্যালঘু লোকেও বুজি উঠিছে । উন্নয়নৰ বাবে জৰা-ফুকা ৰাজনীতি ত্যাগ কৰি বিজেপিক আঁকোৱালি ল’ব’’ । শুকুৰবাৰে নলবাৰীত উপস্থিত হৈ এই মন্তব্য কৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Bhabesh Kalita Slams congress) ৷

ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ নলবাৰীৰ বৰ আজাৰাস্থিত বাসগৃহত আয়োজন কৰা মনসা পূজাত শুকুৰবাৰে উপস্থিত হয় বিজেপিৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়কৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷ সাংবাদিকৰ সমুখত বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে (Bhabesh Kalita in Nalbari) ৷

তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘‘সব কা চাথ সব কা বিকাশে’’ অসমৰ প্ৰতিটো জনগোষ্ঠীৰ উন্নয়ন সাধিবলৈ সক্ষম হৈছে । ভাৰতত বাস কৰা প্ৰতিটো জনগোষ্ঠীৰ সম উন্নয়নৰ লক্ষ্যই হৈছে প্ৰধান মন্ত্ৰীৰ সপোন । যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘‘উন্নয়নৰ এক পষেক’’ নামেৰে উন্নয়নৰ বতৰা লৈ অসমৰ প্ৰতিটো জনগোষ্ঠীকেই চুই গৈছে । যাৰ ফলত অসম আজি উন্নয়নৰ দিশে । উন্নয়নৰ বাবে ৰাইজে বিজেপিকেই আঁকোৱালি ল’ব বুলি (Bhabesh Kalita criticizes oppositions)।

আনহাতে, বিশ্বৰ আন আন ৰাষ্ট্ৰসমূহেও আজি ভাৰতৰ নাম গুণ গাই বুলি মন্তব্য কৰে ভৱেশ কলিতাই । ভাৰত উন্নয়নৰ দিশে ধাৱমান হোৱাৰ কাৰণেই আজি G20 ত অধ্যক্ষতা কৰিবলৈ সক্ষম হোৱা বুলিও মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে । ভৱেশ কলিতাই কংগ্ৰেছক সমালোচনা কৰি কয় যে, ৰাহুল গান্ধীয়েই কংগ্ৰেছৰ কাৰণে একমাত্ৰ যুৱনেতা ৷ দলটোত বাকী আৰু কোনো যুৱ নেতা নাই । যুৱশক্তিক সুযোগ নিদিয়ে কংগ্ৰেছে (Bhabesh Kalita Slams Rahul Gandhi)৷

আনহাতে ধৰ্মান্তকৰণ সন্দৰ্ভত ভৱেশ কলিতাই কয় যে, ধৰ্মান্তকৰণৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন হ’ব লাগে ৷ নিজৰ মাক ভাল বুলিলে অন্যক অপমান কৰা নুবুজায় ৷ এতিয়াও ৩৬৫ দিন বাকী আছে ৷ বহ্মপুত্ৰত এতিয়াও বহু পানী ব’বলৈ আছে l গতিকে সংখ্যালঘু অথবা সংখ্যা গুৰুৰ কথা ভবাৰ সময় আছে ৷ মুঠতে ৰাজ্যৰ আন 13 টা সমষ্টিৰ লগতে লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিও এইবাৰ বিজেপিৰ দখললৈ আহিব বুলি উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: Rupjyoti Kurmi slams Akhil Gogoi: মাওবাদীৰ ধনেৰে আন্দোলন কৰে অখিল গগৈয়ে; বিধায়ক ৰূপজ্যোতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.