মাজুলী: আজি পবিত্ৰ বৰদিন । সমগ্ৰ বিশ্বই উদযাপন কৰিছে যীশুখ্ৰীষ্টৰ জন্মদিন ৷ সত্ৰপীঠ মাজুলীতো খ্ৰীষ্টধৰ্মৰ লোকসকলে ব্যাপক উৎসাহ-উদ্দীপনাৰে আজি বৰদিন উদযাপন কৰিছে । কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মাজুলীৰ গীৰ্জাসমূহ ।
জেংৰাইমুখৰ গীৰ্জাসমূহত মুখৰিত হৈছে কেৰলৰ ধ্বনি ৷ খ্ৰীষ্টধৰ্মৰ লোকসকলৰ প্ৰধান উৎসৱ বৰদিনক কেন্দ্ৰ কৰি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ বিশ্বতে ৷ খ্ৰীষ্টধৰ্মৰ লোকসকলে মাজুলীৰ গীৰ্জাসমূহত কৰিছে সমূহীয়া প্ৰাৰ্থনা । আজি এই পবিত্ৰ বৰদিনৰ দিনা গোটেই বিশ্বতে শান্তি কামনা কৰি খ্ৰীষ্টধৰ্মৰ লোকসকলে প্ৰাৰ্থনা কৰে ৷
জেংৰাইমুখৰ ডনবস্ক' বিদ্যালয়ৰ কেথলিক গীৰ্জাত দুদিনীয় কাৰ্যসূচীৰে বৰদিন উদযাপন কৰা হৈছে । জেংৰাইমুখ অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা বৰদিনৰ বাবে ডনবস্ক' বিদ্যালয়ৰ প্ৰাৰ্থনা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে বিভিন্নজনে । জেংৰাইমুখৰ ডনবস্ক' বিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ লাকৰাই সকলোকে বৰদিনৰ শুভেচ্ছা জনায় ।
বৰদিনৰ শুভ দিনটোত তেওঁ সমাজলৈ বাৰ্তা প্ৰেৰণ কৰি কয়, "গোটেই পৃথিৱীত যেন শান্তি সকলোৰে মাজত থাকে, সকলোৱে মিলাপ্ৰীতিৰে থাকে, অৱশেষত সকলোৱে গম পাই সেই মহান ঈশ্বৰৰ সৃষ্টি আমি, সেই মহান ঈশ্বৰৰ পুত্ৰ-পুত্ৰী আমি ৷"
ইফালে ধৰ্মান্তৰকৰণ সম্পৰ্কত ডনবস্ক' বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে বৰদিনৰ দিনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয়, "আমি মৰমৰ এনাজৰীৰ মাজত সোমাই আছোঁ, আমি কাকো প্ৰলোভন দি ধৰ্মান্তৰিত কৰা নাই । আমি শান্তি-প্ৰেমৰ একতাৰ মাজত বসবাস কৰিছো ৷ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলে বৰদিনৰ শুভেচ্ছা জনায় ৷ আমিও সকলোকে শুভেচ্ছা জনাও, ভাল লাগে ৷ এইটোৰে আমাৰ সমাজৰ সকলোৰে মিলাপ্ৰীতিৰে থকাৰ ভাৱ আমি আদান-প্ৰদান কৰো ৷"
লগতে পঢ়ক: মহানগৰীৰ বুকুতেই আছে ১৭৯ বছৰ পুৰণি গীৰ্জা