ETV Bharat / state

বুৰবুৰীত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন বিজেপিৰ

author img

By

Published : Jun 8, 2021, 2:50 PM IST

মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ অনুসৰি সোমবাৰে ভাৰতীয় জনতা পাৰ্টীৰ এটা দলে নাৰিকুছিৰ বুৰবুৰীত মথাউৰি পৰিদৰ্শন কৰে । মথাউৰিটো পৰিদৰ্শন কৰি সাম্ভাৱ্য বিপদৰ পৰা অঞ্চলবাসীক সুৰক্ষা প্ৰদানৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগক নিৰ্দেশ দিয়ে ৷

BJP team visit nalbari flood affected area
বুৰবুৰীত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন বিজেপিৰ

নলবাৰী,8 জুন: বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নোনা নৈৰ জলস্তৰ বৃদ্ধি পাইছে ৷ নোনা নৈৰ বাঢ়নী পানীয়ে ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নাৰিকুছিৰ বুৰবুৰীত মথাউৰিৰ ফালে গতি কৰি খহনীয়াৰ সৃষ্টি কৰাত নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ অনুসৰি সোমবাৰে ভাৰতীয় জনতা পাৰ্টীৰ এটা দলে মথাউৰিটো পৰিদৰ্শন কৰে । বিজেপিৰ দলটোৱে নলবাৰী জিলাৰ জলসম্পদ বিভাগৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত মথাউৰিটো পৰিদৰ্শন কৰি সাম্ভাৱ্য বিপদৰ পৰা অঞ্চলবাসীক সুৰক্ষা প্ৰদানৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগক নিৰ্দেশ দিয়ে ৷

প্ৰতিনিধিৰ দলটোত বিজেপিৰ নলবাৰীৰ জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰ, বড়িগোগ-বনভাগ মণ্ডলৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাৰ লগতে নলবাৰী জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক : খহনীয়াই ভাবুকি কঢ়িয়াইছে মাজুলীবাসীলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.