নলবাৰী, 25 মাৰ্চ: 60 নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত চলিছে বিজেপিৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ । সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে বিধায়ক নাৰায়ণ ডেকাই দলীয় কৰ্মী তথা সমৰ্থক সকলক লগত লৈ নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে ।
সমষ্টিটোৰ অন্তৰ্গত বৰভাগত বুধবাৰে বিধায়ক তথা বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী নাৰায়ণ ডেকাই প্ৰায় পাঁচ শতাধিক দলীয় কাৰ্যকৰ্তাৰ হৰ্ষোল্লাসৰ মাজত এটি নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ৷ 47(1) নং গাওঁ পঞ্চায়তৰ অধীনস্থ এই নিৰ্বাচনী কাৰ্যালয়টো উদ্বোধন কৰি বিধায়ক ডেকাই তেওঁ 1 লাখতকৈ অধিক ভোটত জয়ী হ'ব বুলি দাবী কৰে ৷
বৰক্ষেত্ৰী সমষ্টিত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম-কাজ হোৱা বুলি দোহাৰি ৰাইজে পুনৰ বিজেপিকে ভোট দিব বুলি ডেকাই মন্তব্য কৰে । আনহাতে, তেওঁ সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী ড৹ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মনক কটাক্ষ কৰি কয়, "চৰৰ পৰা এইবাৰ ৰাইজে দিগন্ত বৰ্মনক বিদায় দিব । দিগন্ত বৰ্মনক বৰক্ষেত্ৰী কংগ্ৰেছে বিচৰা নাই । বৰক্ষেত্ৰীৰ বহু কংগ্ৰেছীয়ে কংগ্ৰেছ এৰি এজন স্থানীয় লোক হিচাপে মোক সহায় কৰিছে ৷"
লগতে পঢ়ক: বিজেপি নেতাৰ পৰিয়ালেও এইবাৰ কংগ্ৰেছক ভোট দিব : ৰকিবুল হুছেইন