নগাঁও, 10 এপ্ৰিলঃ অসমীয়াৰ হিয়াৰ আমঠু হেপাঁহৰ ৰঙালী বিহুলৈ মাজত মাথো দুটা দিন । নিৰ্বাচনী ব্যস্ততাৰ মাজতে ৰাজ্যৰ সকলো প্ৰান্ততে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি । পিছপৰি ৰোৱা নাই বটদ্ৰৱাবাসীও । বটদ্ৰৱাৰ সমীপৰ চমুৱাগাঁৱস্থিত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষটো সপ্তাহযোৰা কাৰ্যসূচীৰে আয়োজিত বিহু, হুচৰি আৰু তিৱা নৃত্য কৰ্মশালাৰ বুধবাৰে সামৰণি পৰে। সামৰণি অনুষ্ঠানত শতাধিক শিশু, চেমনীয়া যুৱক যুৱতীয়ে কৰ্মশালাত বিহুৰ আখৰাত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সময়ত অসমৰ লগতে বিদেশতো অসমীয়াৰ চেনেহৰ বিহুনৃত্য প্ৰদৰ্শন কৰি অসম তথা ভাৰতবর্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷
বটদ্ৰৱাত শংকৰদেৱ চিত্ৰকলাত বিহু কৰ্মশালা - বটদ্ৰৱা
বটদ্ৰৱাৰ সমীপৰ চমুৱাগাঁৱস্থিত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষটো সপ্তাহযোৰা কাৰ্য্যসূচীৰে আয়োজিত বিহু, হুচৰি আৰু তিৱা নৃত্যৰ কৰ্মশালাৰ বুধবাৰে সামৰণি পৰে । সামৰণি অনুষ্ঠানত শতাধিক শিশু, চেমনীয়া যুৱক যুৱতীয়ে কৰ্মশালাত বিহুৰ আখৰাত অংশগ্ৰহণ কৰে
নগাঁও, 10 এপ্ৰিলঃ অসমীয়াৰ হিয়াৰ আমঠু হেপাঁহৰ ৰঙালী বিহুলৈ মাজত মাথো দুটা দিন । নিৰ্বাচনী ব্যস্ততাৰ মাজতে ৰাজ্যৰ সকলো প্ৰান্ততে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি । পিছপৰি ৰোৱা নাই বটদ্ৰৱাবাসীও । বটদ্ৰৱাৰ সমীপৰ চমুৱাগাঁৱস্থিত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষটো সপ্তাহযোৰা কাৰ্যসূচীৰে আয়োজিত বিহু, হুচৰি আৰু তিৱা নৃত্য কৰ্মশালাৰ বুধবাৰে সামৰণি পৰে। সামৰণি অনুষ্ঠানত শতাধিক শিশু, চেমনীয়া যুৱক যুৱতীয়ে কৰ্মশালাত বিহুৰ আখৰাত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সময়ত অসমৰ লগতে বিদেশতো অসমীয়াৰ চেনেহৰ বিহুনৃত্য প্ৰদৰ্শন কৰি অসম তথা ভাৰতবর্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷
Body:অসমীয়া জাতিৰ অতিকৈ আদৰৰ হিয়াৰ অামঠু হেপাঁহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ দুটা দিন । নিৰ্বাচনী ব্যস্ততাৰ মাজতে ৰাজ্যৰ সকলো প্ৰান্ততে ৰঙালীক অাদৰাৰ এতিয়া যে ব্যাপক প্ৰস্তুতি চলিছে। পিছপৰি ৰোৱা নাই বটদ্ৰৱা বাসী ৰাইজও । বটদ্ৰৱাৰ সমীপৰ চমুৱাগাঁওস্থিত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষটো সপ্তাহযোৰা কাৰ্য্যসূচীৰে অায়োজিত বিহু, হুচৰি অাৰু তিৱা নৃত্য কৰ্মশালাৰ বুধবাৰে সামৰণি পৰে।সামৰণি অনুষ্ঠানত শতাধিক শিশু চেমনীয়া যুৱক যুৱতীয়ে কৰ্মশালাত বিহু আখৰাত অংশগ্ৰহণ কৰে । বিদ্যালয়খনিৰ সভাপতি পূৰ্ণ বেজবৰুৱাই পতাকা উত্তোলন কৰা সামৰণি অনুষ্ঠানটিত সমিতিৰ উপদেষ্টা দধিমোহন বৰা, সদৌ নগাঁও জিলাৰ বিহু সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক বাবুল বৰা, সদৌ নগাঁও জিলা বিহু সুৰক্ষা সমিতিৰ সাংস্কৃতিক সম্পাদক বিপিন চন্দ্ৰ বৰা উপস্থিত থাকে। কৰ্মশালাত ঢোল প্ৰশিক্ষক হিচাপে থাকে মৃদুল বৰা, বিহু নৃত্য প্ৰশিক্ষক ৰূপে জাগ্ৰীতি কলিতা, তিৱা নৃত্যৰ প্ৰশিক্ষক ৰূপে হৰিচৰণ পাটৰ, মন্টু গাঁওখোৱা, হিমাংশু দেউৰী, লক্ষী নাৰায়ন কোঁৱৰ। চিত্ৰকলা বিদ্যালয়খনৰ সম্পাদক অজিত বৰাই অাঁত ধৰা অনুষ্ঠানটিত শতাধিক ৰাইজ উপস্থিত থাকে ।শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সময়ত অসমৰ লগতে বিদেশতো অসমীয়া জাতিৰ চেনেহৰ বাপতি বিহুনৃত্য প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰি অসম তথা ভাৰতবর্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।_______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion: