ETV Bharat / state

Bhagawat recitation: নলবাৰীৰ দৌলাশাল থানত অখণ্ড ভাগৱত পাঠ - নলবাৰীৰ দৌলাশাল থানত অখণ্ড ভাগৱত পাঠ

ভক্তিৰসত জীপাল নলবাৰীৰ দৌলাশাল কানাই ব'লাই আদি থান সত্ৰৰ চৌদিশ । তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে অখণ্ড ভাগৱত পাঠ । আয়তী-ভকত, বৈষ্ণৱৰ বৰ্ণিল ভাগৱত শোভাযাত্ৰা ।

Bhagawat recitation in Nalbari
নলবাৰীৰ দৌলাশাল থানত অখণ্ড ভাগৱত পাঠ
author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:39 PM IST

নলবাৰীৰ দৌলাশাল থানত অখণ্ড ভাগৱত পাঠ

নলবাৰী,৩০ আগষ্ট: ভক্তি ৰসত জীপাল হৈ পৰিল নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশাল ৷ দৌলাশালস্থিত কানাই ব'লাই আদি থান সত্ৰত আজিৰে পৰা আৰম্ভ হয় অখণ্ড ভাগৱত পাঠ । তিনিদিন ধৰি চলিবলগীয়া এই অখণ্ড ভাগৱত পাঠ অনুষ্ঠানৰ আজি পুৱা ৯ বজাত আৰম্ভ হয় ভাগৱত লৈ বৰ্ণিল শোভাযাত্ৰা । এই শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে গাঁওখনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৰিদাস বৈশ্যই ৷

গায়ন-বায়ন, আয়তী-ভকত, বৈষ্ণৱ সমন্বিতে বিভিন্ন প্ৰান্তৰ ভক্তগণে অংশগ্ৰহণ কৰে ভাগৱত শোভাযাত্ৰাত ৷ শোভাযাত্ৰাৰ পূৰ্বে পতাকা উত্তোলন কৰে দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি গৰ্গনাৰায়ণ বৰ্মনে আৰু বন্তি প্ৰজ্বলন কৰে দৌলাশাল কানাই ব'লাই আদি থান সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ভৱেন কুমাৰ কলিতাই ৷ উক্ত অনুষ্ঠানৰ আঁত ধৰে দৌলাশাল উন্নতি সাধিনী সভাৰ সম্পাদক বাবুল বণিক্যই ।

গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে সমাজকৰ্মী ফনেন্দ্ৰ নাথে । ভাগৱত বহন কৰে দৌলাশাল উন্নতি সাধিনী সভাৰ উপ সভাপতি প্ৰেমেশ্বৰ বৈশ্যই । দৌলাশাল উন্নতি সাধিনী সভাৰ উদ্যোগত আৰু সত্ৰ পৰিচালনা সমিতিৰ সহযোগত এইবেলি দৌলাশাল কানাই ব'লাই আদি থান সত্ৰত অনুষ্ঠিত হৈছে ২৪ সংখ্যক বাৰ্ষিক ভাগৱত পাঠ অনুষ্ঠান ।

অসম সত্ৰ মহাসভাৰ অন্তৰ্গত নলবাৰী জিলাৰ দৌলাশালস্থিত শ্ৰীশ্ৰী কানাই ব'লাই আদি থান সত্ৰত প্ৰতি বছৰৰ দৰে এইবেলিও ভাদ মাহৰ পৱিত্ৰ পূৰ্ণিমা তিথি উপলক্ষে অনুষ্ঠিত হৈছে ভাগৱত পাঠ । তিনিদিন ধৰি একাদিক্ৰমে চলিব ভাগৱত পাঠ ৷ ১ ছেপ্টেম্বৰত ভাগৱত পাঠৰ আনুষ্ঠানিক সামৰণি পৰিব আৰু আবেলি দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি গৰ্গনাৰায়ণ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হ'ব ধৰ্মালোচনা সভা ।

ধৰ্মালোচনা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ পৰিৱেশ আৰু বন, সংসদীয় পৰিক্ৰমা সংখ্যালঘু কল্যাণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা গৱেষণা তত্বাবধায়ক ড° বাবুল চন্দ্ৰ দাসে ।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব জি,এম,ডি,এ -ৰ অধ্যক্ষ নাৰায়ণ ডেকা আৰু অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই । আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড৹ হৰেন্দ্ৰনাথ তালুকদাৰ, চেঙা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া লীলাধৰ দাসৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি । ভাগৱত পাঠ অনুষ্ঠানৰ লগত সংগতি ৰাখি ২ ছেপ্টেম্বৰত ছিপাঝাৰৰ কৰিশ্মা নাথ আৰু নলবাৰীৰ কমাৰকুছিৰ ভনিতা বৈশ্য দাসে নাগাৰা নাম পৰিৱেশন কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Crisis in Assam Tea Industry : সংকটত অসমৰ চাহ উদ্যোগ; ৫ বছৰত বিক্ৰী ৬৮ খন চাহ বাগিচা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.