নলবাৰী,27মেঃ নলবাৰী জিলাৰ অন্তৰ্গত ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ এটা অতি গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণ কাৰ্য্য দীৰ্ঘদিন ধৰি আধাতে সামৰি থৈ দিয়াৰ অভিযোগ তুলি বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ । এমজিএনৰেগাৰ অধীনত আঞ্চলিক পঞ্চায়তৰ তদাৰকত স্থানীয় দেহাৰকুছি মা দূৰ্গা ক্ষেত্ৰৰ পৰা কিছমৎ নামঘৰ হৈ বৰলীয়া মথাউৰিলৈ যোৱা পথছোৱাৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰা হৈছিল ২০১৮-১৯ বৰ্ষতে । ৪ লাখ ১৩ হাজাৰ ৬১৯ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগা পথটোৰ নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ নোহোৱাত ৰাইজে ভুগিব লগা হৈছে যমৰ যাতনা ।
ইতিমধ্যে বিগত কেবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পথটোত বোকাময় হৈ পৰাৰ লগতে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷ পথ নিৰ্মাণ কাৰ্য্যত গাঁফিলতিৰ অভিযোগ তুলি আছু কৰ্মীৰ লগতে স্থানীয় একাংশ লোকে মাস্ক পিন্ধি সামাজিক দূৰত্ব বজাই ৰাখি পথটোৰ ওপৰতে ভুই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ ।
লগতে পঢ়কঃ এজাক বৰষুণতে পুখুৰীলৈ ৰূপান্তৰিত বিশ্বনাথৰ পথ