ETV Bharat / state

Awareness programme: অপৰাধৰ বিৰুদ্ধে ভাংনামাৰী চৰত সজাগতা সভা - বৰক্ষেত্ৰীৰ ভাংনামাৰী

বৰক্ষেত্ৰীৰ ভাংনামাৰীত আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত সজাগতামূলক সভা (Awareness programme at Bhangnamari)। নাৰীক সুৰক্ষা প্ৰদান তথা বিভিন্ন অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে ভাংনামাৰী চৰবাসীক সজাগ কৰাৰ বাবে আয়োজন কৰা হয় সজাগতামূলক সভাখন ।

Awareness programme at Bhangnamari
ভাংনামাৰী চৰত সজাগতা সভা
author img

By

Published : Dec 18, 2022, 8:30 PM IST

অপৰাধৰ বিৰুদ্ধে ভাংনামাৰী চৰত সজাগতা সভা

নলবাৰী,18 ডিচেম্বৰ: নলবাৰীৰ বৰক্ষেত্ৰীৰ ভাংনামাৰী আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত দেওবাৰে বিয়লিৰ ভাগত এখনি সজাগতামূলক সভা অনুষ্ঠিত হয় । নাৰী নিৰ্যাতন বন্ধ কৰা, মদ, ভাং, বাল্য বিবাহ বন্ধ কৰিবলৈ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে সজাগতামূলক সভাখন অনুষ্ঠিত কৰা হয় (Awareness programme at Bhangnamari)।
উল্লেখযোগ্য যে, চৰাঞ্চলৰ লোকসকল উপযুক্ত শিক্ষাৰ পৰা আজিও বহুগুণে পিছ পৰি থকা পৰিলক্ষিত হয় । সময়ে সময়ে চৰাঞ্চল সমূহত সজাগতাৰ অভাৱত অতি কম বয়সতে ল’ৰা বা ছোৱালীক বিবাহপাশত আৱদ্ধ কৰোৱাৰ ঘটনা সংঘটিত হয় (Against anti social activities) । লগতে ড্ৰাগছ সৰবৰাহৰ লগতে আন বিভিন্ন অনৈতিক কাৰ্যকলাপ চৰাঞ্চল সমূহত সংঘটিত হোৱাৰো খবৰ পোৱা যায় ৷

যাৰ পৰিপ্ৰেক্ষিতত আজি আৰক্ষী, গাঁওৰক্ষী বাহিনীকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত লোকসকলে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ভাংনামাৰী চৰত (Bhangnamari char in Nalbari) নাৰীসকলক সুৰক্ষাৰ প্ৰদান কৰাৰ দাবী আৰু উদ্দেশ্যেৰে এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰে ।

সভাখনত উপস্থিত থাকে ভাঙনামাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিবাকৰ কলিতা, বৰক্ষেত্ৰী গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক নজৰুল ইছলাম, ভাঙনামাৰী অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীৰ সদস্যসকলৰ লগতে অঞ্চলটোৰ ৰাইজ (Awareness programme against anti social activities)। এই সজাগতামূলক সভাখনৰ জৰিয়তে অঞ্চলটোত চলি থকা অপৰাধমূলক কামবোৰ বন্ধ কৰি ৰাইজক সজাগ হ’বলৈ আহ্বান জনায় বক্তাসকলে ৷

উল্লেখ্য যে, ৰাজ্যৰ চৰাঞ্চল সমূহত প্ৰায়ে বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্য সংঘটিত হৈ থকাৰ খবৰে সংবাদ শিৰোনাম দখল কৰা দেখা যায় (Crimes in Assam Char lands) ৷ ৰাজ্যত সংঘটিত বহু গুৰুতৰ অপৰাধৰ সৈতে একাংশ চৰাঞ্চলৰ নাম সাঙোৰ খাই পৰা পৰিলক্ষিত হয় ৷ গৰু চুৰিৰ পৰা ড্ৰাগছলৈ, চুপাৰী কিলিঙৰ পৰা জেহাদীলৈকে বিভিন্ন ৰাজ্য কঁপোৱা ঘটনাত ইতিমধ্যেই বহুকেইটা চৰৰ যোগসূত্ৰ স্পষ্ট হৈছে ৷ ইয়াৰ লগতে বাল্য-বিবাহ, ধৰ্ষণ, মাতব্বৰৰাজ আদি ঘটনাবোৰটো আছেই ৷

আচলতে দেখা যায় যে সংযোগ ব্যৱস্থা সুচল নোহোৱাৰ বাবেই হওক বা শৈক্ষিক অনগ্ৰসৰতাৰ বাবেই হওক এচাম লোকে ব্যৱহাৰ কৰি আহিছে চৰাঞ্চলৰ লোকসকলক ৷ বহুতে এই চৰাঞ্চলৰ একাংশ যুৱকৰ দ্বাৰা সংঘটিত কৰোৱাই আহিছে গুৰুতৰ অপৰাধ ৷ যাৰ তথ্য-প্ৰমাণ ইতিমধ্যে বহু ঘটনাৰ ক্ষেত্ৰত পোৱাই গৈছে ৷ এই লোকসকলক সচেতন কৰাটো সেয়ে প্ৰয়োজনীয় বুলি গণ্য কৰি আৰক্ষী আৰু স্থানীয় প্ৰশাসনে এইদৰে সভা আহ্বান কৰা দেখা গৈছে ৷

লগতে পঢ়ক: Anti drug awareness meeting : দুৰ্নীতি বিৰোধী যুৱশক্তিৰ উদ্যোগত সজাগতা সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.