ETV Bharat / state

স্কুটি বিচাৰি নলবাৰীত ছাত্ৰীৰ প্ৰতিবাদ - আঁচনি ৰূপায়ন

নলবাৰীত হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ ছাত্ৰীৰ প্ৰতিবাদ ৷ প্ৰাপ্য় অধিকাৰ বিচাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰী সকলে ৷ পৰৱৰ্তী সময়ত আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান ছাত্ৰী সকলৰ ৷

Assam to give scooties to girl students who secured first division in Class 12 exams
নলবাৰীত ছাত্ৰীৰ প্ৰতিবাদ
author img

By

Published : Sep 1, 2020, 8:36 PM IST

নলবাৰী, 1 ছেপ্তেম্বৰ : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে মঙলবাৰে নলবাৰীত শতাধিক ছাত্ৰীয়ে বেনাৰ, প্লে'কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰাপ্য অধিকাৰ বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰী সকলে ৷ 2019 বৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী সকলে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷

ছাত্ৰী সকলৰ অভিযোগ অনুসৰি, বিধানসভাৰ বাজেট অধিবেশনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক স্কুটি দিয়াৰ কথা ঘোষণা কৰিছিল । কিন্তু 2019 বৰ্ষৰ ছাত্ৰী সকলক স্কুটি প্ৰদান নকৰাত বৰ্তমান ক্ষোভিত হৈ পৰিছে ছাত্ৰী সকল ৷ যাৰবাবে হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰী সকলে ৷

নলবাৰীত ছাত্ৰীৰ প্ৰতিবাদ

উল্লেখ্য যে, 2020 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত 60 শতাংশ নম্বৰ পোৱা ছাত্ৰী সকলক স্কুটি প্ৰদান কৰাৰ ঘোষণা কৰাৰ লগে লগে জাঙুৰ খাই উঠিছে 2019 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ ছাত্ৰী সকল ৷ তথ্য অনুসৰি, 2019 বৰ্ষত প্ৰথম বিভাগত উৰ্ত্তীণ হৈ স্কুটী পোৱাৰ পৰা বঞ্চিত হৈ আছে ৰাজ্যৰ মুঠ 19,350 গৰাকী ছাত্ৰী ৷ অনতিপলমে, চৰকাৰে আঁচনি ৰূপায়ন কৰি ছাত্ৰী সকলক প্ৰাপ্য অধিকাৰ প্ৰদান কৰিবলৈ আহ্বান জনাইছে অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে 2019 বৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী সকলে ৷

নলবাৰীত ছাত্ৰীৰ প্ৰতিবাদ

লগতে পঢ়ক : বিশেষভাৱে সক্ষম শিশুৰ সৈতে সুশান্তৰ কিছু মধুৰ মুহূৰ্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.