ETV Bharat / state

Ripun Bora in Nalbari: ৰাইজৰ আবেগক বুঢ়া আঙুলি দেখুৱাইছে বিশ্বজিৎ দৈমাৰীয়ে; ৰিপুন বৰা

author img

By

Published : Jun 11, 2023, 11:08 PM IST

নলবাৰী জিলাৰ বৰক্ষেত্ৰীত দেওবাৰে তৃণমূল কংগ্ৰেছৰ এখনি কৰ্মী সভা অনুষ্ঠিত হয় ৷ সভাত উপস্থিত থাকি বিজেপি চৰকৰক ক্ষুৰধাৰ সমালোচনা কৰে তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই (Ripun Bora in Nalbari) ৷

Assam TMC Chief Ripun Bora Slams BJP
বিজেপি চৰকৰক ক্ষুৰধাৰ সমালোচনা ৰিপুন বৰাৰ

বৰক্ষেত্ৰীত তৃণমূল কংগ্ৰেছৰ কৰ্মী সভাত তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা

নলবাৰী, 11 জুন: নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ 4 নং বৰবালাত দেওবাৰে তৃণমূল কংগ্ৰেছৰ এখনি কৰ্মী সভা অনুষ্ঠিত হয় ৷ জ্ঞান বিকাশ মডেল একাডেমী প্ৰাংগনত অনুষ্ঠিত হোৱা তৃণমূল কংগ্ৰেছৰ কৰ্মী সভাখনত উপস্থিত থাকে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰা ৷ লগতে উপস্থিত থাকে তৃণমূল কংগ্ৰেছৰ কেইবাজনো ৰাজ্যিক নেতা ৷ বৰক্ষেত্ৰী বিধানসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ উদ্দেশ্যেৰে সভাখন অনুষ্ঠিত কৰা হয় বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে (Assam TMC Chief Ripun Bora Slams BJP) ৷

কৰ্মী সভাখনত উপস্থিত থাকি বিজেপি চৰকৰক ক্ষুৰধাৰ সমালোচনা কৰে তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ শিলসাঁকোত হোৱা উচ্ছেদ প্ৰসংগত সভাপতি গৰাকীয়ে চৰকাৰক জিঞ্জাৰ হোটেল, অশোক সিংহলৰ মাটি, জয়ন্তমল্ল বৰুৱাৰ মাটি, বদৰুদ্দিন আজমলৰ মাটিত উচ্ছেদ কৰি দেখুৱাওক বুলি দাবী কৰে ৷

অসম চৰকাৰে পুঁজিপতিৰ মাটি উচ্ছেদ কৰি দেখুৱাওক বুলিও মন্তব্য কৰে ৰিপুন বৰাই ৷ আনহাতে স্মাৰ্ট মিটাৰ প্ৰসংগত ৰিপুন বৰাই কয় যে মূল্যবৃদ্ধিয়ে ইতিমধ্যে ৰাজ্যবাসীক জুৰুলা কৰাৰ সময়তে চৰকাৰে ভূতৰ ওপৰত দানহ পৰা দি স্মাৰ্ট মিটাৰ লগাই ৰাইজক টেঁটু চেঁপি শোষণ কৰিছে বুলি মত ব্যক্ত কৰে (Assam TMC Chief Ripun Bora) ৷

বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে কিন্তু বিদ্যুতৰ সঘনাই লুকা-ভাকুৱে ৰাইজক হাৰাশাস্তি কৰা বুলিও বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৰাকী ৷ আনহাতে আগন্তুক 2024 ৰ লোকসভা নিৰ্বাচনক লৈ অসমত কংগ্ৰেছৰ নেতৃত্বত হোৱা মহাজোঁটত তৃণমূল কংগ্ৰেছ থাকিব বুলিও মন্তব্য কৰে ৰিপুন বৰাই (Ripun Bora in Nalbari) ৷

ইফালে বিদ্যুৎ মাচুল বৃদ্ধিক লৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ লগতে বিজেপিৰ নেতাসকলে কৰা মন্তব্যত ক্ষুণ্ণ হৈ পৰে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকী ৷ এয়া তেওঁলোকে সম্পূৰ্ণ দায়িত্বজ্ঞানহীন মন্তব্য প্ৰদান কৰিছে বুলি ব্যক্ত কৰে ৰিপুন বৰাই ৷ বিশ্বজিত দৈমাৰীয়ে বিধানসভাৰ অধ্যক্ষৰ আসনখনৰ মৰ্যদা লাঘৱ কৰিছে বুলিও মত প্ৰকাশ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই (TMC Workers Meeting in Nalbari) ৷

লগতে পঢ়ক: Preparation for flood: ৰাজপথত গাঁত থাকিব নোৱাৰিব; জিলা আয়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.