ETV Bharat / state

নলবাৰীত অমিত শ্বাহৰ প্ৰতিকৃতি দাহ AJYCP ৰ

অসম-মিজোৰাম সীমান্তত হোৱা হিংসাত্মক ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ প্ৰতিবাদ ৷ নলবাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ ৷ কেন্দ্ৰীয় চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ সংগঠনটোৰ ৷

নলবাৰীত অমিত শ্বাহৰ প্ৰতিকৃতি দাহ AJYCP ৰ
নলবাৰীত অমিত শ্বাহৰ প্ৰতিকৃতি দাহ AJYCP ৰ
author img

By

Published : Jul 28, 2021, 10:45 PM IST

নলবাৰী, 28 জুলাই: অসম-মিজোৰামৰ (assam-mizoram inter state border conflict) সীমান্ত সমস্যাৰ শেহতীয়া পৰিস্থিতিৰ বিৰুদ্ধে বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে(AJYCP) ৰাজ্যজুৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা (Nalbari) সমিতিয়েও বুধবাৰে প্ৰতিবাদী কাৰ্য সূচী ৰূপায়ণ কৰে । নলবাৰী চহৰৰ জৈন মন্দিৰ চকত সংগঠনটোৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰে ।

উল্লেখযোগ্য যে, অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত অসম আৰক্ষীৰ জোৱানক মিজো দৃৰ্বৃত্তৰ গুলীবৰ্ষণত মৃত্যু হোৱাৰ ঘটনাক তীব্ৰভাৱে সংগঠনটোৱে গৰিহনা দিয়ে ৷ আনহাতে সংগঠনটোৱে অমিত শ্বাহ মুৰ্দাবাদ, মিজোৰাম চৰকাৰ হাই হাই , হিমন্ত বিশ্ব শৰ্মা হাই হাই, অসম চৰকাৰ হাই হাই আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । একেদৰে সংগঠনটোৱে চৰকাৰক সকিয়নী প্ৰদান কৰাৰ লগতে অৰ্থনৈতিক কাৰ্যসূচীৰ দৰে জংগী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি উল্লেখ কৰে । কেন্দ্ৰীয় চৰকাৰে দীৰ্ঘদিনীয়া এই সীমা সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলা হ'ব সংগঠনটোৱে হুংকাৰ দিয়ে ৷

ইপিনে নলবাৰীৰ সমান্তৰালকৈ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত আৰক্ষী শ্বহীদ হোৱা ঘটনাক লৈ বুধবাৰে নগাঁৱত প্ৰতিবাদ(Protest) সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP)ৰ নগাঁও জিলা সমিতিয়ে ৷ প্ৰাণ দি হ’লেও ভূমি নিদিয়াৰ হুংকাৰ প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Amit Shah)ৰ পুত্তলিকা দাহ কৰে যুৱ ছাত্ৰ পৰিষদে ৷

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে অসম আৰক্ষীয়ে (Assam Police) প্ৰাণ দিবলগীয়া হৈছে ৷ মিজোৰাম সীমান্তত অসম আৰক্ষীয়ে প্ৰাণ দিবলগীয়া হোৱা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এইদৰে মন্তব্য কৰে যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই ৷

লগতে পঢ়কঃ এইবাৰ লণ্ডনে ল'ব উত্তৰ-পূৱৰ ভূত জলকীয়াৰ সোৱাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.