ETV Bharat / state

জলমগ্ন হৈ পৰিল নলবাৰীৰ বৰআগ্ৰা - ইটিভি ভাৰত অসম

চৰকাৰী তথ্যমতে জিলাখনৰ 150খন গাঁও, 6187 হেক্টৰ কৃষিভূমি, 164645 গৰাকী লোক আৰু 80251 টা পশুধন বানৰ কবলত পৰিছে ৷

নলবাৰীৰ বৰআগ্ৰা জলমগ্ন
author img

By

Published : Jul 16, 2019, 1:02 PM IST

নলবাৰী, 16 জুলাইঃ সোমবাৰে নিশা জলমগ্ন হৈ পৰিল নলবাৰীৰ বৰআগ্ৰা ৷ চেংনে নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলায় অঞ্চলটো ৷ বানৰ ফলত 20টাকৈ পৰিয়াল জলবন্দী হৈ পৰে ৷ অৱশ্যে প্ৰশাসন আৰু NDRF ৰ লগতে সাংবাদিকৰ তৎপৰতাত বানাক্ৰান্ত পৰিয়ালকেইটাক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰা হয় ৷ ইপিনে নলবাৰী-ধমধমা পথটোও পানীৰ তলত ডুব যোৱাত যাতায়তৰ ক্ষেত্ৰত অচলাৱস্থাৰ সৃষ্টি হৈছে ৷

জলমগ্ন হৈ পৰিল নলবাৰীৰ বৰআগ্ৰা

সোমবাৰে উপলব্ধ চৰকাৰী তথ্যমতে জিলাখনৰ 150খন গাঁও, 6187 হেক্টৰ কৃষিভূমি, 164645 গৰাকী লোক আৰু 80251 টা পশুধন বানৰ কবলত পৰিছে ৷

Intro:

#নলবাৰীত চেংনৈ নৈৰ বাঢ়নী পানীয়ে বুৰালে বৰআগ্ৰা অঞ্চল#
#নৈখনৰ বাঢ়নী পানীৰ ফলত অঞ্চলটোৰ কেইবাখনো গাওঁ জলমগ্ন#
#পানীৰ তলত ২০ টা পৰিয়াল৷সাংবাদিক আৰু SDRF ৰ সহযোগত উদ্ধাৰ বানাক্ৰান্তক#
#নলবাৰী-ধমধমা পথৰ ওপৰৰে বাগৰিছে পানী#
#প্ৰশাসনৰ তৎপৰতা ৰক্ষা পৰিল বানাক্ৰান্ত#Body:

নিশা নলবাৰীৰ বৰআগ্ৰাত অথন্তৰ৷অঞ্চলটো কাষেৰে যোৱা চেংনৈ নৈৰ বাঢ়নী পানী বুৰালে সমগ্ৰ অঞ্চলটো৷হঠাতে জলমগ্ন হ’ল অঞ্চলটো৷নেৰানেপেৰা বৰষুণ আৰু ভূটান পাহাৰৰ পৰা নামি অহা পানীৰ ফলত নলবাৰীৰ প্ৰতিখন নৈ উপনৈৰ জলস্তৰ বৃদ্ধি হোৱাত কেইবাদিনো ধৰি জিলাখনৰ প্ৰায়বোৰ অঞ্চলে বানত প্লাৱিত হৈছে৷চৰকাৰী তথ্যমতে জিলাখনৰ মুঠ ১৫০ খন গাওঁ প্লাৱিত হৈছে বানত৷কিন্তু নিশা হঠাতে চেংনৈ নৈৰ বাঢ়নী পানীয়ে আৰু কেইবাখনো গাওঁ প্লাৱিত কৰাত পুনৰ ন ন অঞ্চল বানত প্লাৱিত হয়৷আনকি নলবাৰী-ধমধমা পথৰ ওপৰৰে পানী বাগৰাৰ ফলত আতংকিত হৈ পৰিছে জনসাধাৰণ৷চেংনৈৰ বাঢ়নী পানীত নিমিষতে ২০ টা পৰিয়াল জলবন্দী হৈ পৰে৷অৱশ্যে প্ৰশাসনৰ তৎপৰতাত SDRF আৰু বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ সহযোগত বানাক্ৰান্ত পৰিয়াল কেইটাক উদ্ধাৰ কৰি নিৰাপদ স্থানত আশ্ৰয়ৰ ব্যৱস্থা কৰা হৈছে৷আনহাতে,জিলাখনত সোমবাৰলৈ চৰকাৰী তথ্যমতে ১৫০ গাওঁ,৬১৮৭ হেক্টৰ কৃষিভূমি,১৬৪৬৪৫ গৰাকী লোক আৰু ৮০২৫১ টা সৰু-বৰ পশুধন সংহাৰী বানত প্লাৱিত হৈছে৷Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.