নলবাৰী, 14 আগষ্ট : পুনৰ উন্মোচিত ৰাজ্যৰ চিকিৎসাখণ্ডৰ ফোপোলা স্বৰূপ ৷ নলবাৰীৰ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত আজৱকাণ্ড ৷ শুনিলেই চকু কপালত উঠিব আপোনাৰ ৷ প্ৰসূতিক ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী বিতৰণ কৰ্তৃপক্ষৰ ৷ চিকিৎসালয়খনৰ কেইগৰাকীমান প্ৰসূতিক সোমবাৰে ম্যাদ উকলি যোৱা গেলা-পচা ভেঁকুৰ লগা খাদ্য সামগ্ৰী বিতৰণ কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷
"সমাহাৰ" আচঁনিৰ জৰিয়তে চৰকাৰে নৱজাতক জন্ম হোৱা প্ৰসূতি সকলক চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ সময়ত কিছু পৰিমাণে খাদ্যবস্তু প্ৰদান কৰে ৷ সোমবাৰে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়তো কেইগৰাকীমান প্ৰসূতিক "সমাহাৰ" আচঁনিৰ খাদ্য সামগ্ৰীৰ একোটাকৈ টোপোলা প্ৰদান কৰা হৈছিল ৷ কিন্তু টোপোলাৰ ভিতৰত থকা আটাইবোৰ খাদ্য সামগ্ৰীয়েই ম্যাদ উকলি যোৱা আৰু গেলা-পচা ভেঁকুৰ লগা বুলি অভিযোগ কৰে প্ৰসূতিৰ অভিভাৱকে ৷
লগতে পঢ়ক : Encounter in Lakhimpur: পুনৰ এক্সন মুডত SP আনন্দ মিশ্ৰ; বঙালমৰাত নিশা আৰক্ষীৰ গুলীত আহত আনাৰুল ইছলাম
টোপোলাটোৰ ভিতৰত থকা গাখীৰ সমূহ ম্যাদ উকলি যোৱা, চিৰাবোৰ ভেকুৰ লগা, গুৰ সমূহ গেলি-পচি যোৱাৰ লগতে বাদাম, মগু আদি আটাইবোৰ সামগ্ৰীয়ে নষ্ট হৈ গৈছে ৷ উল্লেখযোগ্য যে "সমাহাৰ" আচঁনিৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে চৰকাৰে একাংশ ঠিকাদাৰক নিবিদা প্ৰদান কৰে ৷ জানিব পৰা মতে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত তপন ডেকা নামৰ এজন ঠিকাদাৰে "সমাহাৰ" আচঁনিৰ খাদ্য সামগ্ৰী যোগান ধৰি আছে ৷
মুকালমুৱা চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে ঠিকাদাৰৰ ফালৰ পৰা এনে ধৰণৰ গেলা-পচা খাদ্য সামগ্ৰীৰ টোপালা যোগান ধৰা হৈছে ৷ প্ৰসূতি সকলক গেলা-পচা সামগ্ৰী যোগান ধৰা ঠিকাদাৰৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা স্বাস্থ্য বিভাগক আহ্বান জনাইছে প্ৰসূতিসকলৰ অভিভাৱকসকলে ৷
লগতে পঢ়ক : Encounter in Lakhimpur: পুনৰ এক্সন মুডত SP আনন্দ মিশ্ৰ; বঙালমৰাত নিশা আৰক্ষীৰ গুলীত আহত আনাৰুল ইছলাম