ETV Bharat / state

Foundation day of Raijor dal : নলবাৰীত হাতে হাত ধৰি অজাপ-ৰাইজৰ দল - ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱস

দেওবাৰে নলবাৰীত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হয় ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱস (Foundation day of Raijor dal)। উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ লগতে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ৷ এই অনুষ্ঠানতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সমষ্টি পুনৰ নিৰ্ধাৰণ, কমতাপুৰ গঠন ইত্যাদি কেবাটাও প্ৰসংগত মন্তব্য কৰে নেতাদ্বয়ে ৷

Foundation day of Raijor dal
ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱস
author img

By

Published : Jan 8, 2023, 6:30 PM IST

হিন্দু-মুছলমানৰ ৰাজনীতি কৰিব খোজিছে বিজেপিয়ে : অখিল গগৈ

নলবাৰী, 8 জানুৱাৰী : ‘‘সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে বিজেপিয়ে আমাৰ ৰাজ্যখনক সাম্প্ৰদায়িকৰূপে বিভাজন কৰিব খুজিছে ৷ হিন্দু-মুছলমানৰ ৰাজনীতি কৰিব খুজিছে বিজেপিয়ে ৷ লগতে বিজেপি আৰু RSS ৰ যি বৰ্ণবাদী ৰাজনীতি, সেই ৰাজনীতিৰে আমাক ভাগ কৰি পেলাব খুজিছে ৷’’ দেওবাৰে নলবাৰীৰ মুকালমুৱাত আয়োজিত ৰাইজৰ দলৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত (Foundation day of Raijor dal) উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷

লগতে তেওঁ কয়, ‘‘আগন্তুক নিৰ্বাচনত প্ৰতিটো সমষ্টিতে কেৱল বিজেপিয়েহে যাতে জয়লাভ কৰিব পাৰে, তেনেকুৱা ধৰণে বিজেপিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰিছে ৷ গতিকে এই সাম্প্ৰদায়িক দলৰ যি ব্যৱস্থা তাক আমি বিৰোধিতা কৰিছো ৷ সেয়ে ভাৰতৰ নিৰ্বাচন আয়োগক এই সংক্ৰান্তত সকলো তথ্য বিচাৰ কৰি গণতান্ত্ৰিকভাৱে এই কাৰ্য সমাধান কৰিবলৈ দাবী উত্থাপন কৰিছো’’ ৷

আনকি এই সভাতে সাংবাদিকৰে হোৱা বাৰ্তালাপত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কমতাপুৰ গঠন হোৱা সংক্ৰান্ততো নিজৰ মন্তব্য প্ৰদান কৰে (Akhil Gogoi reacts on Separate Kamatapur state) ৷ কমতাপুৰ গঠন সন্দৰ্ভত তেওঁ কয়, ‘‘কোঁচ ৰাজবংশী ৰাইজে সদায় নিজৰ অধিকাৰৰ বাবে লাগি আহিছে ৷ আমি কোঁচ ৰাজবংশী ৰাইজৰ স্ব-অধিকাৰক সন্মান কৰো ৷ কিন্তু কমতাপুৰ সন্দৰ্ভত কোনোধৰণৰ চৰ্চা আৰম্ভ হোৱা নাই ৷ আমি সকলো দল-সংগঠন বা ৰাইজে একেলগে বহি লৈ এই সন্দৰ্ভত এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিম’’ ৷

তেওঁ আৰু কয়, ‘‘কোঁচ ৰাজবংশীসকল বিশেষ অসমীয়া ৷ সদায় আসমীয়া, খিলঞ্জীয়া অসমীয়া ৷ তেওঁলোকক বাদ দি কেতিয়াও অসমখনক কল্পনাই কৰিব নোৱাৰো ৷ গতিকে কোঁচ ৰাজবংশীসকলক লগত লৈ অসমখন ঐক্যবদ্ধ হৈ থাকিব লাগে তাৰে আমি কল্পনা কৰো’’ ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘‘হিমন্ত বিশ্ব শৰ্মা সদায় সাম্প্ৰদায়িক ৷ গতিকে সাম্প্ৰদয়িক মন্তব্য কৰা হিমন্ত বিশ্ব শৰ্মাক ৰাজনীতিৰ পৰা বিদায় দিব লাগে’’ ৷ ইফালে ৰাইজৰ দলৰ আমন্ত্ৰণমৰ্মে একেটা অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা । একেখন মঞ্চতে দেখা পোৱা গ’ল দুয়োটা আঞ্চলিক দলৰ নেতৃত্বক ।

এই অনুষ্ঠানত উপস্থিত থাকি অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, ‘‘সকলো আঞ্চলিক দলৰে আদৰ্শগত বা নীতিগত বৈশিষ্ট আছে ৷ কিন্তু আগন্তুক 2024 আৰু 2026 ৰ নিৰ্বাচনত বিজেপি আৰু AIUDF ক পৰাভূত কৰিবৰ বাবে সকলো আঞ্চলিক দলে একলগ হৈ চেষ্টা কৰিলে ভাল ৷ সেই কথা আমি সময়ে সময়ে কৈ আহিছো’’ ৷

উল্লেখ্য যে, দেওবাৰে নলবাৰীৰ মুকালমুৱাত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হয় ৰাইজৰ দলৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস । উক্ত অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰা হয় ৷ লগতে কা আন্দোলনৰ শ্বহীদক স্মৰণ কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা হয় ৷

এই অনুষ্ঠানতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগতে ৰাইজৰ দলৰ কেবাগৰাকীও বিষয়ববীয়া আৰু অঞ্চলটোৰ বহু ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক : Foundation day of Raijor dal: ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱসৰ মঞ্চত একেলগে বহিব ৰাইজৰ দল-অসম জাতীয় পৰিষদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.