নলবাৰী,17 ডিচেম্বৰ: নলবাৰী চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকা সমূহত বিগত কেইবামাহ ধৰি জিঅ' মোবাইল নেটৱৰ্ক কোম্পানীয়ে নিম্নমানৰ সেৱাৰে গ্ৰাহকক মাধমাৰ সোধোৱা কাৰ্যত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা ৷ উপায়ন্তৰ হৈ বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিয়ে নলবাৰী জিলাৰ উপায়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় দূৰসংযোগ বিভাগৰ মন্ত্ৰী ৰবিশংকৰ প্ৰসাদক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি এই সংক্ৰান্তত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে,দীৰ্ঘদিন ধৰি জিঅ' নেটৱৰ্ক কোম্পানীয়ে নলবাৰী চহৰত 4G সেৱাৰ নামত গ্ৰাহকৰ পৰা আগতীয়াকৈ ধন আদায় লৈ আছে যদিও বিভিন্ন ঠাইত 2G নেটৱৰ্কো উপলব্ধ নোহোৱাত যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সংগঠনটোৰ চহৰ সমিতিৰ সভাপতি নয়ন শৰ্মা আৰু সাঃ সম্পাদক হেমেন কলিতাই সংবাদ মাধ্যমক জনায় যে,জিঅ' গ্ৰাহকক নিম্নমানৰ সেৱা প্ৰদান কৰি গ্ৰাহকৰ পৰা কাৰ্যত যি লুণ্ঠন চলাই আছে সেয়া অনতিবিলম্বে সংশোধন নকৰিলে ইয়াৰ বিৰুদ্ধে তীব্ৰ গনতান্ত্ৰিক কাৰ্যসূচী গ্ৰহণ কৰা হ'ব ৷
লগতে পঢ়কঃ বিটিআৰ পৰিষদীয় চৰকাৰত কাৰ্যবাহী সদস্য মনোনীত বি আৰ ফেৰেংগা