নলবাৰী, 28 আগষ্ট: অসম আন্দোলনত নিৰ্যাতনৰ বলি হোৱা প্ৰাক্তন ছাত্ৰ নেতাৰ লগতে প্ৰাক্তন পৌৰপতি, অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা অকণ মল্ল বৰুৱাৰ দেহাৱসান ৷ শুৰুবাৰে নিশা নলবাৰীস্থিত পকোৱাৰ নিজ বাসভৱনত দেহাৱসান ঘটে নেতা গৰাকীৰ ৷ প্ৰয়াত নেতা গৰাকী যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে ৷ বৰুৱাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ জিলাীখনত ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ ৷
লগতে পঢ়ক: কিয় পিতৃৰ কাষলৈ যাবলৈ ভয় সন্তানৰ !