ETV Bharat / state

বজাৰত জুই লাগিছে: পুনৰ ৰাজপথৰ আন্দেলত নামিছে সদৌ অসম ছাত্ৰ সন্থা - নিত্য ব্যৱহাৰ্য সামগ্ৰী

ৰাজ্যৰ বজাৰত প্ৰায় প্ৰতিবিধ সামগ্ৰীৰ ক্ষেত্ৰত অস্বাভাৱিক মূল্যবৃদ্ধি(price hike) হোৱা দেখা গৈছে ; কিন্তু ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যজুৰি অচল অৱস্থাত আছে বহু ব্যৱসায়, সেৱা কিম্বা উদ্যোগ ৷ এনে সময়ত পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ সৰৱ হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থা ৷

aasu opts for protest against price hike in state
বজাৰত জুই লাগিছে : পুনৰ ৰাজপথৰ আন্দেলত নামিছে সদৌ অসম ছাত্ৰ সন্থা
author img

By

Published : Aug 26, 2021, 8:35 PM IST

নলবাৰী, 26 আগষ্ট : ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যজুৰি অচল অৱস্থাত আছে বহু ব্যৱসায়, সেৱা কিম্বা উদ্যোগ ৷ এই পৰিস্থিতিত এমুঠি ভাতৰ বাবে হাঁহাকাৰ কৰিব লগীয়া হৈছে ৰাজ্যবাসীৰ এক বৃহৎ অংশই ৷ পিছে এনে সময়তো ৰাজ্যৰ বজাৰত প্ৰায় প্ৰতিবিধ সামগ্ৰীৰ ক্ষেত্ৰত অস্বাভাৱিক মূল্যবৃদ্ধি(price hike) হোৱা দেখা গৈছে ৷ ইয়াকে লৈ পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্য, সৰৱ হৈছে সদৌ অসম ছাত্ৰ সন্থা(All Assam Students' Union)ৰ দৰে জাতীয় সংগঠন ৷

বৃহস্পতিবাৰে, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা(Nalbari district stuents' Union)ৰ আহ্বানমৰ্মে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই পেট্ৰল-ডিজেল, ৰন্ধন গেছকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰ আৰু যোগান বিভাগক চূড়ান্তভাৱে ব্যৰ্থ আখ্যা দি নলবাৰী চহৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মণ, সাধাৰণ সম্পাদক নৱ কুমাৰ ডেকাৰ নেতৃত্বত ছাত্ৰ সন্থাৰ কৰ্মী সকলে হাতে হাতে ফেষ্টুন লৈ বিক্ষোভ কাৰ্যসুচী ৰূপায়ন কৰে ।

বজাৰত জুই লাগিছে : পুনৰ ৰাজপথৰ আন্দেলত নামিছে সদৌ অসম ছাত্ৰ সন্থা

এইদৰে বৃহস্পতিবাৰৰ দিনটোত চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ কৰ্মীসকলক উত্তাল প্ৰতিবাদত নামি পৰা দেখা গ’ল ৷ কেন্দ্ৰীয় চৰকাৰ হায় ! হায় !, অসম চৰকাৰ হায় ! হায় !, পেট্ৰলিয়াম মন্ত্ৰী হায় ! হায় !, প্ৰধানমন্ত্ৰী হায় ! হায় !,মূখ্যমন্ত্ৰী হায় ! হায় !, যোগানমন্ত্ৰী হুচিয়াৰ, আদি প্ৰতিবাদী শ্লোগানেৰে ছাত্ৰ কৰ্মী সকলে এক কথাত নলবাৰীৰ আকাশ-বতাহ কঁপাই তোলে ৷

ইফালে, জিলাখনৰ মুকালমুৱাতো বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি(fuel price hike) আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰী(daily used goods)ৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ একেটা দাবীত প্ৰতিবাদ সাব্যস্ত কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই । মুকালমুৱাৰ ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মূখত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

লগতে পঢ়ক : কয়াকুছিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.