ETV Bharat / state

ক'ভিড বিশেষ হাস্পতালৰ দাবীত নলবাৰী উপায়ুক্তক স্মাৰক পত্ৰ আছুৰ

author img

By

Published : Apr 23, 2021, 8:02 PM IST

নলবাৰী জিলা ছাত্র সন্থাই স্মাৰক প্ৰত্ৰ প্ৰদান কৰে জিলাখনৰ উপাযুক্ত পূৰবী কোঁৱৰক । সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা, উপ সভাপতি ফণীধৰ বৰুৱাসহ এটা সজাতি দলে নলবাৰীত ক'ভিড স্পেচিয়েল হাস্পতাল অতি শীঘ্ৰে মুকলি কৰাৰ বাবে নলবাৰী জিলা উপাযুক্ত স্মাৰক প্ৰত্ৰ প্ৰদান কৰে ।

ক'ভিড বিশেষ হাস্পতালৰ দাবীত নলবাৰী উপায়ুক্তক স্মাৰক পত্ৰ আছুৰ
ক'ভিড বিশেষ হাস্পতালৰ দাবীত নলবাৰী উপায়ুক্তক স্মাৰক পত্ৰ আছুৰ

নলবাৰী,২৩ এপ্ৰিল: সাম্প্ৰতিক সময়ত ভাৰতৰ লগতে অসমতো মহামাৰীৰ দ্বিতীয় ঢৌৱে জনসাধাৰণক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে । অসমৰ ভিন্ন জিলাত এই মহামাৰীয়ে কালৰূপ ধাৰণ কৰাৰ উপক্ৰম হৈছে । নলবাৰী জিলাত ইতিমধ্যে দুই শতাধিক লোক ক'ভিডত আক্ৰান্ত হৈছে আৰু দ্ৰুত সংক্ৰমণে ভৱিষ্যতৰ ভয়াৱহতাৰ ইংগিত প্ৰদান কৰিছে ।

যোৱা বছৰৰ এক ভয়ংকৰ অভিজ্ঞতাৰ পিছতো নলবাৰী জিলাত এতিয়ালৈকে বৰ্তমানৰ ক'ভিড-১৯ক ৰোধ কৰিবলৈ অথবা ভুক্তভোগী ৰোগীক চিকিৎসা প্ৰদানৰ ব্যৱস্থা প্ৰশাসনে হাতত লোৱা পৰিলক্ষিত হোৱা নাই ।

আনকি জিলাখনৰ বেছি সংখ্যক লোকৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰাৰ ক্ষমতা নাই । এনে ক্ষেত্ৰত নলবাৰী চহৰকে ধৰি জিলাখনৰ বিভিন্ন ঠাইত অতি শীঘ্ৰে ক'ভিড ৰোগীক চিকিৎসাৰ বাবে বিশেষ চিকিৎসালয় মুকলি কৰিবলৈ আৰু প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সদৌ নলবাৰী জিলা ছাত্র সন্থাই ।

ক'ভিড বিশেষ হাস্পতাল স্থাপনৰ বাবে জিলাখনৰ উপায়ুক্ত পূৰবী কোঁৱৰক এক স্মাৰকপত্ৰ প্ৰদান কৰে জিলা আছুৱে । ইয়াৰ উপৰিও জিলাখনৰ সকলো লোককে মাস্ক পৰিধান কৰাৰ লগতে স্বাস্থ্যবিধি পালনৰো আহ্বান জনাই আছু নেতৃত্বই ।

লগতে পঢ়ক:আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ পিছতো ডিমা হাছাওত নাই কৰ'ণাকলৈ সজাগতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.