ETV Bharat / state

নলবাৰীত দেওবাৰে ক’ভিডত আক্ৰান্ত 53 গৰাকী - জি এম চি এইছ

নলবাৰী জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ দেওবাৰে জিলাখনত নতুনকৈ কৰ’ণাত আক্ৰান্ত হ’ল 53 গৰাকী লোক ৷

23May_Covid_Update_nalbari
নলবাৰীত দেওবাৰে 53 গৰাকী লোক আক্ৰান্ত হ’ল ক’ভিডত
author img

By

Published : May 23, 2021, 10:56 PM IST

নলবাৰী, 23 মে’: নলবাৰীত দেওবাৰে 53 গৰাকী লোক আক্ৰান্ত হয় ক’ৰণা ভাইৰাছত । ইয়াৰ লগতে নলবাৰী জিলাত ক’ৰণাত আক্ৰান্তৰ সংখ্যা 4,447 গৰাকীলৈ বৃদ্ধি পায় । আনহাতে, বৰ্তমান জিলাখনত আক্ৰান্ত হৈ আছে 2387 গৰাকী লোক ৷ ইয়াৰে 2387 গৰাকী ব্যক্তি হোম আইচলেশ্যনত আছে ৷

ইফালে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 100 গৰাকী, বেলশৰ মডেল হাস্পতালত 37 গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পতালত 38 আৰু মহাত্মা গান্ধী মডেল হাস্পতাল খাটিকুছিত 36 গৰাকী, সাৰথি হাস্পতালত 27 গৰাকী আৰু নতুনকৈ স্থাপন হোৱা আদাবাৰী মডেল হাস্পতালত 30 গৰাকী ক’ভিড আক্ৰান্ত লোক চিকিৎসাধীন হৈ থকাৰ কথা স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে ।

নলবাৰীৰ 56 গৰাকী ক’ভিডত আক্ৰান্ত লোকক উন্নত চিকিৎসাৰ বাবে জি এম চি এইছ, এম এম চি এইছ আৰু কালাপাহাৰ ক’ভিড হাস্পতাললৈ প্ৰেৰণ কৰা কথাও জিলা স্বাস্থ্য বিভাগে উল্লেখ কৰে । উল্লেখযোগ্য যে, দেওবাৰৰ দিনটোত জিলাখনৰ 44 গৰাকী লোক ক’ভিড মুক্ত হৈছে ৷

লগতে পঢ়ক :দলগাঁৱত সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে আমছুৱে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.