ETV Bharat / state

নলবাৰীত নিৰ্বাচনী বিজয়ৰ শোভাযাত্ৰা নিষিদ্ধ - nalbari district administration

নলবাৰীৰ জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশ পূৰৱী কোৱঁৰে নিৰ্বাচনৰ ভোট গণনাৰ দিনা অৰ্থাৎ ২ মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ ধাৰাৰ অধীনত কেইটামান নিষেধাজ্ঞা জাৰি কৰিছে জিলাখনত ।

NALBARI DC ORDER
নলবাৰীত নিৰ্বাচনী বিজয় শোভাযাত্ৰা নিষিদ্ধ
author img

By

Published : Apr 30, 2021, 9:10 PM IST

নলবাৰী,৩০ এপ্ৰিল: অহা ২ মে'ত অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা । ইফালে ৰাজ্যত কৰ'ণা মহামাৰীৰ বৰ্ধিত সংক্ৰমণ । নলবাৰী জিলাত যোৱা ২৮ এপ্ৰিলতে ৫৮০ ৰো অধিক লোক কৰ'ণাত আক্ৰান্ত হৈছে ।

গতিকে ক'ভিড পৰিস্থিতিলৈ লক্ষ্য কৰি ক'ভিড সংক্ৰমণ ৰোধ কৰাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে নলবাৰী জিলা প্ৰশাসনে । সেয়েহে নলবাৰীৰ জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশ পূৰৱী কোৱঁৰে নিৰ্বাচনৰ ভোট গণনাৰ দিনা অৰ্থাৎ ২ মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ ধাৰাৰ অধীনত কেইটামান নিষেধাজ্ঞা জাৰি কৰিছে জিলাখনত ।

NALBARI DC ORDER
নলবাৰীত নিৰ্বাচনী বিজয় শোভাযাত্ৰা নিষিদ্ধ

নিৰ্দেশনা অনুসৰি ২ মে'ৰ দিনা ভোট গণনাৰ অন্তত বিজয়ী প্ৰাৰ্থীয়ে বিজয় শোভাযাত্ৰা উলিয়াব নোৱাৰিব । কোনো বিজয়ী প্ৰাৰ্থীৰ প্ৰমাণ পত্ৰ ৰিটাৰ্ণিং বিষয়াৰ পৰা আনিব যাওঁতে প্ৰাৰ্থীগৰাকী বা তেওঁৰ প্ৰতিনিধিৰ লগত দুজনতকৈ অধিক লোক প্ৰৱেশ কৰিব নোৱাৰিব ।

ইফালে এই নিৰ্দেশনাৰ সন্দৰ্ভত কাৰোবাৰ কিবা আপত্তি থাকিলে জিলা দণ্ডাধীশক জনাব পাৰিব । লগতে কোনো ব্যক্তিয়ে এই নিৰ্দেশনা উলংঘন কৰিলে তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰা আৰু আনুসংগিক বিধিৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

লগতে পঢ়ক:কলগাছিয়াত পুনৰ 4 গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.