নগাঁও,২৬ ডিচেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। নগাঁও আৰক্ষীয়েও ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে । অৱশ্যে ইয়াৰ মাজতে ড্ৰাগছ ব্যৱসায়ীয়ে কৌশল সলনি কৰিছে । কিন্তু কৌশল সলালেও নগাঁও আৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী ।
এইবাৰ নগাঁৱত ড্ৰাগছ সৰবৰাহত নামিছে একাংশ মহিলা । একাংশ মহিলাই এতিয়া নগাঁৱৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিক্ৰী কৰি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে যুৱ প্ৰজন্মক । ইফালে নগাঁও আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে । সোমবাৰে নগাঁৱৰ মৰিকলঙ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ।
নগাঁও চহৰৰ হোটেলবাৰীত অভিযানত চলাই মহিলা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ নেতৃত্বত যোৱা আৰক্ষীয়ে দুগৰাকীকৈ মহিলা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়(Women drug peddlers trapped by Nagaon police) । ড্ৰাগছ বিক্ৰী কৰি থকাৰ সময়তে আৰক্ষীয়ে আটক কৰে ড্ৰাগছ ব্যৱসায়ী আনোৱাৰা বেগম ওৰফে তাকানীৰ লগতে ছাহানাৰ বেগমক(Drugs seized in Nagaon) । ধৃত আনোৱাৰা আনোৱাৰা বেগম নগাঁৱত তাকানী নামেৰে বিখ্যাত ।
আনোৱাৰা বেগম ওৰফে তাকানী পূৰ্বে কেইবাবাৰো ড্ৰাগছসহ আৰক্ষীৰ জালত পৰাই নহয় খাইছিল জেল হাজোতৰ ভাত(Women drug peddler arrested) । কুখ্যাত ড্ৰাগছ ব্যৱসায়ী হিচাপে পূৰ্বে ৰেকৰ্ড থকা আনোৱাৰা বেগম ওৰফে তাকানীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে যদিও পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ পৰা জামিনত মুক্তি লাভ কৰি পুনৰ আৰম্ভ কৰে ড্ৰাগছৰ ৰমৰমীয়া বেহা ।
আৰক্ষীৰ চকুত ধূলি দি নগাঁৱত নিষিদ্ধ ড্ৰাগছৰ এখন সাম্ৰাজ্য গঢ়ি তুলিছিল তাকানী হিচাপে পৰিচিত আনুৱাৰা বেগমে । কিন্তু অৱশেষত পুনৰ ড্ৰাগছ ব্যৱসায়ী তাকানীক জালত পেলাবলৈ সক্ষম হয় নগাঁও আৰক্ষী । সোমবাৰে ড্ৰাগছ বিক্ৰী কৰি থকাৰ এক খবৰ গোপন সূত্ৰে লাভ কৰি নগাঁৱৰ মৰিকলং আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় তাকানীক ।
ড্ৰাগছ ব্যৱসায়ী তাকানীৰ পৰা আৰক্ষীৰ দলটোৱে ৫০ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰাৰ লগতে নগদ ধনো জব্দ কৰিবলৈ সক্ষম হয় । অধিক তথ্যৰ বাবে সম্প্ৰতি ধৃত আনোৱাৰা বেগম ওৰফে তাকানীৰ লগতে ছাহানাৰা বেগমকো জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । উল্লেখ্য যে নগাঁৱত প্ৰথমগৰাকী মহিলা আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰা লীনা দলেৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান । যাৰ ফলত প্ৰতিদিনে জালত পৰি আছে ড্ৰাগছ মাফিয়া ।
লগতে পঢ়ক: Assam Olympic Association: অসম পুৰুষ বাস্কেটবল দলে অংশ ল’ব নোৱাৰিব অসম অলিম্পিকত