ETV Bharat / state

মিকিৰ বামুণী গ্ৰান্টৰ কাৰামুক্ত কৃষক সকলক আদৰণি - কৃষি ভূমিত স্থিতাৱস্থা বাহালৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

মিকিৰ বামুণী গ্ৰান্টত কৃষক বিক্ষোভ অব্যাহত থকাৰ সময়তে কৃষি ভূমিত স্থিতাৱস্থা বাহালৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ ৷ আজুৰ নামৰ বহুজাতিক কোম্পানীটোৱে সৌৰপ্ৰকল্পৰ কাম কৰাৰ ক্ষেত্ৰত স্থিতাৱস্থা বাহাল ৰখাৰ আদেশ জাৰি কৰাৰ পিচতে বুধবাৰে কাৰামুক্ত কৃষক সকলক নগাঁৱত আদৰণি জনায় ৷

মিকিৰ বামুণী গ্ৰান্টৰ কাৰামুক্ত কৃষক সকলক আদৰণি

author img

By

Published : Mar 3, 2021, 10:26 PM IST

নগাঁও,3মাৰ্চ: নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণী গ্ৰান্টত কৃষক বিক্ষোভ অব্যাহত থকাৰ সময়তে কৃষি ভূমিত স্থিতাৱস্থা বাহালৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ ৷ আজুৰ নামৰ বহুজাতিক কোম্পানীটোৱে সৌৰপ্ৰকল্পৰ কাম কৰাৰ ক্ষেত্ৰত স্থিতাৱস্থা বাহাল ৰখাৰ আদেশ জাৰি কৰাৰ পিচতে বুধবাৰে কাৰামুক্ত কৃষক সকলক নগাঁৱত আদৰণি জনায় ৷ ৰায়তী কৃষক সকলৰ কৃষি ভূমি বলপূৰ্বক ভাৱে উচ্ছেদ চলোৱা কাৰ্যৰ বিৰুদ্ধে আৰু কৃষকৰ ভূমিৰ অধিকাৰ ঘূৰাই পোৱাৰ দাবীত কৃষক সকলে বিগত ৩মাহে আন্দোলন চলাই আহিছিল ৷ এই আন্দোলনৰ সময়চোৱাত বিভিন্ন নিৰ্যাতনৰ বলি হৈছিল কৃষক সকল। চৰকাৰ আৰু কৃষক সকলৰ এই আন্দোলনে পৰৱৰ্তি সময়ত পাইছিল গৈ আদালতৰ মজিয়া ৷

মিকিৰ বামুণী গ্ৰান্টৰ কাৰামুক্ত কৃষক সকলক আদৰণি

শোহতীয়া ভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ে মিকিৰ বামুণী গ্ৰান্টৰ ভূমিত কৃষক সকলৰ অধিকাৰ সন্দৰ্ভত স্থিতাৱস্থা বাহাল ৰখাৰ আদেশ দিয়াৰ লগতে অসম চৰকাৰ, নগাঁও জিলা প্ৰশাসন, আজুৰ পাৱাৰ কোম্পানীসহ ১৪ টা পদকীয়া পক্ষক চাৰি সপ্তাহৰ ভিতৰত উত্তৰ দিয়াৰ জাননী প্ৰেৰণ কৰাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে কৃষক সকল ৷ আন্দোলনকাৰী কৃষক মহিলাৰ ওপৰত আৰক্ষীয়ে চলোৱা বৰ্বৰ নিৰ্যাতনৰ পাচতে ১৪ জন কৃষকক গ্ৰেপ্তাৰ কৰিছিল যদিও তেওঁলোক জামিনত মুক্তি দিয়ে আদালতে ৷

কিন্তু বিগত বৰ্ষৰ ২৯ ডিচেম্বৰত পুনৰ বুকু মাৰ্ডি, ভাইটি তিমুং, চিকাৰী ৰংপি আৰু লক্ষীৰাম মাৰ্ডিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰিছিল। উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত এই চাৰিজন কৃষকক বুধবাৰে মুক্তি দিয়াত মিকিৰ বামুণী গ্ৰাণ্টৰ সহস্ৰাধিক পুৰুষ মহিলাই বামুণী তিনিআলিৰ পৰা শোভাযাত্ৰা কৰি আদৰণি জনায় । এই আদৰণি সভাত বিশিষ্ট বাওঁপন্থী নেতা তথা নিখিল ভাৰত কৃষক মহাসভাৰ নেতা ৰাতুল বৰাকে ধৰি বহু কেইজনে জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ জনপ্ৰতিনিধিৰ লগতে একাংশ আমোলা বিষয়াৰ চক্ৰান্তক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

লগতে পঢ়ক: হাথৰছ ভুক্তভোগীৰ পিতৃৰ হত্যাকাণ্ডৰ সৈতে জড়িত দুজনক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.