ৰহা,15 ফেব্ৰুৱাৰী: সমাগত অসম বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনলৈ মাজত মাথো এমাহ বাকী থকাৰ সময়ত এতিয়া ভীষণ ব্যস্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ লগতে নেতা-কৰ্মী সকল ৷ লগতে ব্যস্ত হৈ পৰিছে নিৰ্বাচন আয়োগ ৷ ইয়াৰ মাজতে সোমবাৰে পুৱাই কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ এটা বৃহৎ দলে পৰিদৰ্শন কৰিলে ৰহা সমষ্টিৰ বিভিন্ন ভোটকেন্দ্ৰ ৷
ৰাজ্যিক নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী বিষয়া নিতিন খাৰে, আদিল খান, নগাওঁ জিলাৰ উপায়ুক্ত আৰু কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ আয়ুক্ত ধৰ্মেন্দ্ৰ শৰ্মাই ভোটকেন্দ্ৰসমূহৰ পোহৰ, পানীযোগান, শৌচাগাৰ, স্নানাগাৰ তথা কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি পৰ্যবেক্ষণ কৰি পৰিৱেশৰ বুজ লয় ৷
লগতে পঢ়কঃ বিজেপিৰ প্ৰতি মোহভংগ হৈছে সংখ্যালঘুৰ: প্ৰশান্ত কুমাৰ বৰুৱা