ETV Bharat / state

চামগুৰিৰ ভেলেউগুৰিত চোৰাং কাঠ ভৰ্তি বাহন জব্দ

author img

By

Published : Jul 29, 2021, 8:53 PM IST

নগাঁৱৰ চামগুৰিৰ ভেলেউগুৰিত বন বিভাগৰ অভিযানত জব্দ হ'ল এখন চোৰাং কাঠ ভৰ্তি বাহন । শালনা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীয়ে চলাইছিল অভিযান । অভিযানৰ সময়ত বন বিভাগে বাহনখনত থকা মাকৰি শালৰ কাঠখিনি জব্দ কৰে যদিও বাহনখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰিবলৈ সক্ষম হয় ।

Vehicle loaded with timber seized at Samaguri
চামগুৰিৰ ভেলেউগুৰিত চোৰাং কাঠ ভৰ্তি বাহন জব্দ

চামগুৰি, ২৯ জুলাই : বন বিভাগে সঘনাই অভিযান চলাই থকাৰ পাছতো নগাঁৱত একাংশ অসাধু ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে কাঠৰ চোৰাং বেহা । শেহতীয়াকৈ চামগুৰিৰ ভেলেউগুৰিত বন বিভাগে অভিযান চলাই এখন চোৰাং কাঠ ভৰ্তি বাহন জব্দ কৰে । শালনা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীয়ে অভিযান চলাইছিল । অভিযানৰ সময়ত বন বিভাগে বাহনখনত থকা মাকৰি শালৰ কাঠখিনি জব্দ কৰে ।

জব্দ কৃত কাঠখিনিৰ মূল্য ৫০ হাজাৰ টকাৰো অধিক হ'ব বুলি অনুমান কৰা হৈছে । বন বিভাগে বাহনখন জব্দ কৰে যদিও বাহনখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰিবলৈ সক্ষম হয় । বিগত সময়তো জিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই বন বিভাগে বহু পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে । আনহাতে, বুধবাৰে নগাঁৱৰ শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ বনাঞ্চল পৰিদৰ্শন কৰে নৱনিযুক্ত নগাঁও জিলা বন সংমণ্ডল বিষয়া ভাস্কৰ ডেকাই ।

বন বিষয়াগৰাকীয়ে চোৱাং সংৰক্ষিত বনাঞ্চলৰ সমীপৱৰ্তী চাপানালা, কঠালগুৰি, উদমাৰি, শালনা আদি অঞ্চলসমূহ পৰিদৰ্শন কৰে । উল্লেখ্য যে, কেৱল নগাঁও জিলাতে নহয়, ৰাজ্যৰ বিভিন্ন জিলাত অবৈধ কাঠ ব্যৱসায়ীয়ে চোৰাং বেহা অব্যাহত ৰাখিছে । বন বিভাগে কাঠ ফলা মিল, চোৰাং কাঠ জব্দ কৰাৰ পাছতো এই অবৈধ বেহা এৰা নাই অসাধু ব্যৱসায়ীয়ে ।

একাংশ ব্যৱসায়ীয়ে চালান অবিহনে বহিঃৰাজ্যলৈও কাঠ পঠিওৱাৰ তথ্য লাভ কৰিছে বন বিভাগে । কামৰূপৰ বকো, ৰাণী আদিতো সঘনাই জব্দ হৈ আহিছে অবৈধ কাঠ । বন বিভাগে চোৰাং কাঠ জব্দ কৰাৰ লগতে কেইবাজনো ব্যৱসায়ীক কৰায়ত্ব কৰিছে যদিও এই ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক: JISTৰ নিযুক্তিৰ ঠিকা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অধ্যক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.