ETV Bharat / state

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰাইজৰ - সূতি বিভাগ ম'হখুলিলৈ স্থানান্তৰ

চিকিৎসালয় খনৰ দেৱালৰ সমপীতে নৱজাতকৰ মৃতদেহৰ লগতে আৱৰ্জনা পেলোৱাত পৰিবেশ দুৰ্গন্ধময় হৈ পৰা বুলি অভিযোগ কৰিছে একাংশ স্থানীয় লোকে ৷

Public allegation against hospital at Nagaon
নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰাইজৰ
author img

By

Published : Apr 28, 2020, 8:23 PM IST

নগাঁও,28 এপ্ৰিল: নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত নৱজাতকৰ মৃতদেহ পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ চিকিৎসালয় খনৰ দেৱালৰ সমপীতে নৱজাতকৰ মৃতদেহৰ লগতে আৱৰ্জনা পেলোৱাত পৰিৱেশ দুৰ্গন্ধময় হৈ পৰা বুলি অভিযোগ কৰিছে একাংশ স্থানীয় লোকে ৷ ইয়াৰ উপৰিও চিকিৎসালয় খনৰ পৰা প্ৰসূতি বিভাগ ম'হখুলিলৈ স্থানান্তৰ কৰা হৈছে যদিও ম'হখুলিৰ পৰা আৱৰ্জনা আনি ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত পেলোৱা বুলি অভিযোগ স্থানীয় ৰাইজৰ ৷

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰাইজৰ

আনহাতে এই অভিযোগৰ বিপৰীতে সম্পূৰ্ণ ওলোটা মন্তব্য প্ৰদান কৰিছে চিকিৎসালয় খনৰ কৰ্তৃপক্ষই ৷ চিকিৎসালয়খনত কোনো নৱজাতকৰ মৃতদেহ পেলোৱা নহয় বুলি জানিবলৈ দিছে চিকিৎসালয় কৰ্তৃপক্ষই ৷ লগতে চিকিৎসালয়ৰ এটা স্থানত গাঁতত আৱৰ্জনাবোৰ পুতি দিয়া বুলিও জনায় চিকিৎসালয় কৰ্তৃপক্ষই ৷

লগতে পঢ়কঃ কৰ'ণাৰ সংহাৰী ৰূপে আজিও কিয় গ্ৰাস কৰিব পৰা নাই উত্তৰ-পূৰ্বাঞ্চলক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.