ETV Bharat / state

নগাঁও আৰক্ষীৰ জালত বন্দী কেঁকোসাপসহ দুই আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী

author img

By

Published : Feb 12, 2020, 9:57 PM IST

গ্ৰাহকৰ ৰূপত অভিযান চলাই নগাঁও আৰক্ষীয়ে বুধবাৰে আটক কৰে দুটাকৈ আন্তৰাষ্ট্ৰীয় কেঁকোসাপ ব্যৱসায়ী ৷ জিলাখনৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱৰ তৎপৰতাত নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মিনাৰ নেতৃত্বত চলা অভিযানত নগাঁৱৰ মধুপুৰৰ পৰা আটক হয় ব্যৱসায়ী দুজন ।

নগাওঁ আৰক্ষী
কেঁকোসাপ সহ দুই আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী

নগাওঁ,12 ফেব্ৰুৱাৰীঃ গ্ৰাহকৰ ৰূপত অভিযান চলাই নগাঁও আৰক্ষীয়ে বুধবাৰে আটক কৰে দুটাকৈ আন্তৰাষ্ট্ৰীয় কেঁকোসাপ ব্যৱসায়ী ৷ জিলাখনৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱৰ তৎপৰতাত নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মিনাৰ নেতৃত্বত চলা অভিযানত নগাঁৱৰ মধুপুৰৰ পৰা আটক হয় ব্যৱসায়ী দুজন । লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে দুটাকৈ কেঁকোসাপ ৷

ঘটনাৰ বিৱৰণী অনুসৰি,মধুপুৰৰ জিয়াবুৰ ৰহমানৰ সৈতে আৰক্ষীয়ে প্ৰথমে গ্ৰাহকৰ ৰূপত দৰ-দাম কৰাৰ পিছত কেঁকোসাপ দুটা ৩০ লাখ টকাত বিক্ৰীৰ সিদ্ধান্ত হয়। গ্ৰাহকৰ ৰূপত যোৱা আৰক্ষীৰ খবৰৰ ভিত্তিত অন্য এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৰঙিয়ালৰ পৰা জিয়াবুৰ ৰহমানৰ লগতে চকীটুপৰ চৰিফুল্লা শ্বেখক আটক কৰে ৷ আটকাধীন জিয়াবুৰৰ ঘৰত অভিযান চলাই আৰক্ষীৰ দলটোৱে বিক্ৰীৰ বাবে অনা কেঁকোসাপ দুটা জব্দ কৰিবলৈ সক্ষম হয়। অভিযানকাৰী আৰক্ষীৰ দলটোত আছিল নগাঁও নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাস আৰু উপ-পৰিদৰ্শক অঞ্জুশ্ৰী কলিতা ।

লগতে চাওকঃপ্ৰতীক হাজেলাৰ বাবে এন আৰ চিৰ ৱেবছাইটৰ পৰা ডাটা অন্তৰ্ধান!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.