ETV Bharat / state

বটদ্ৰৱাত চৰকাৰী চাউলৰ অবৈধ ব্যৱসায়ত জড়িত দুজনক আটক

অসমত চলি আছে চৰকাৰী আঁচনিৰ চাউলৰ অবৈধ ব্যৱসায় । এইবাৰ নগাঁৱত আটক এই ব্যৱসায়ৰ লগত জড়িত দুজন লোক । বটদ্ৰৱা আৰু ধিং আৰক্ষীৰ যৌথ অভিযানত জব্দ চাউল ভৰ্তি ট্ৰাক ।

author img

By

Published : Aug 31, 2021, 8:15 PM IST

Illegal rice
বটদ্ৰৱাত চৰকাৰী চাউলৰ অবৈধ ব্যৱসায়

নগাঁও,৩১ আগষ্ট : ৰাজ্যত অব্যাহত আছে চাউল চোৰাং সৰবৰাহ । একাংশ দুষ্টচক্ৰই চৰকাৰী আঁচনিৰ চাউল অবৈধভাৱে বিক্ৰী কৰি আহিছে । এইবাৰ নগাঁও জিলাত জব্দ হ'ল প্ৰায় ৪০ বেগ খাদ্য নিগমৰ (FCI)চাউল ।

Illegal rice
বটদ্ৰৱাত চৰকাৰী চাউলৰ অবৈধ ব্যৱসায়

জিলাখনৰ বটদ্ৰৱাত জব্দ চৰকাৰে আৱণ্টন দিয়া চাউলখিনি । ৰূপহীৰ পৰা মৈৰাবাৰীলৈ নি থকা অৱস্থাত নিশাৰ ভাগত বটদ্ৰৱা আৰক্ষীয়ে জব্দ কৰে চাউলখিনি । আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত জব্দ কৰে চাউল ভৰ্তি AS-০২-CC-৬৮৯০ নম্বৰৰ ট্ৰাকখন ।

বটদ্ৰৱাত চৰকাৰী চাউলৰ অবৈধ ব্যৱসায়ত জড়িত দুজনক আটক

লগতে আটক কৰে মকবুল ইছলাম আৰু হেকমত আলী নামৰ দুজন চোৰাং চাউল সৰবৰাহকাৰীক । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ধৃত লোক দুজনে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং বেহা চলাই আহিছিল । ৰহস্যজনকভাৱে আৰক্ষীৰ চকুত ধূলি দিবলৈ ১৬০ বস্তা ধানৰ মাজত কৌশলেৰে ৪০ বেগ সমবায়ৰ সমিতিৰ চাউল সৰবৰাহৰ চেষ্টা চলাইছিল যদিও বটদ্ৰৱা আৰু ধিং আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই বটদ্ৰৱাৰ জামতলৰ পৰা চাউল ভৰ্তি ট্ৰাক সহ দুয়োজনকে আটক কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :মহানগৰীৰ তিনি স্থানৰ পৰা আটক 5 টা ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.