Murder in Guwahati: গুৱাহাটীৰ কৃষ্ণনগৰত চাঞ্চল্যকৰ ঘটনা
এজন ভাৰাতীয়াই ঘপিয়ালে ঘৰৰ মালিকক (Tenant allegedly kills landlord in Guwahati) ৷ এই ঘটনা গুৱাহাটীৰ কৃষ্ণনগৰৰ ৷ হত্য়াকাৰীৰ দিছপুৰ থানাত আত্মসমৰ্পণ ৷
নীল-অভি হত্যাকাণ্ড: এটা মাহত চাৰিবাৰকৈ শুনানি গ্ৰহণ কৰিব নগাঁও আদালতে
নগাঁও আদালতত নীল-অভি হত্যাকাণ্ড গোচৰৰ শুনানি (Mob lynching of Abhi Neel)। জুন মাহত চাৰিবাৰকৈ শুনানি গ্ৰহণ কৰিব নগাঁও আদালতে । শুকুৰবাৰে সম্পূৰ্ণ নহ'ল তদন্তকাৰী আৰক্ষী বিষয়াৰ সাক্ষ্যদান । আৰক্ষী বিষয়াৰ শাৰীৰিক অসুস্থতাৰ বাবেই বিপক্ষৰ অধিবক্তাই সম্পূৰ্ণ কৰিব নোৱাৰিলে জেৰা ।
সমাজ কল্যাণৰ ৬০০ কোটি টকীয়া কেলেংকাৰীৰ নতুন মোৰ
এই বৃহৎ চক্ৰটোৱে মুকলি বজাৰত পোৱা ৩০ টকীয়া জ্যামিতি বক্স সমাজ কল্যাণ বিভাগক যোগান ধৰিছিল ১৫০ টকা দৰত । ঠিক তেনেদৰে তিনি টকীয়া একোডাল কাঠ পেঞ্চিল যোগান ধৰিছিল ২০ টকাকৈ । এই বিয়াগোম কেলেংকাৰীৰ বিষয়ে কেন্দ্ৰীয় মহাগাননিকৰ (CAG Report on social welfare scam in Assam ) প্ৰতিবেদনতো উল্লেখ কৰা হৈছিল ।
Sensational murder in Golaghat: মৃতদেহ লৈ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ
দিব্যজ্যোতি দাসৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ গোলাঘাট জিলা (Golaghat murder case)। দিব্যজ্যোতিৰ হত্যাকাৰী নাজিদুৰক ফাঁচী দিয়াৰ দাবীত ৰাজপথলৈ ওলাই আহিছে বিভিন্ন সংগঠন । প্ৰতিবাদত কঁপি উঠিল গোলাঘাট চহৰ (Sensation over dibyajyoti das murder case) । দিব্যজ্যোতিৰ মৃতদেহ লৈ গোলাঘাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ স্থানীয় লোকে ।
অৰুণাচলৰ নেচিফুত ভূমিস্খলন; আহত দুই সাংবাদিক
অৰুণাচলত ভূমিস্খলন (Landslide in Arunachal) ৷ অৰুণাচলৰ নেচিফুত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অৱস্থাত এই ভূমিস্খলনৰ ফলত গুৰুতৰভাৱে আহত হয় অসমৰ দুই সাংবাদিক ৷
আই আই টি গুৱাহাটীত স্থাপন হ’ব অত্যাধুনিক ছুপাৰ স্পেচিয়েলিটী হাস্পতাল
অসম চৰকাৰ আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ মাজত শুকুৰবাৰে স্বাক্ষৰিত হয় এক বুজাবুজি চুক্তি (MoU between IIT Guwahati and Assam govt)। এই চুক্তিৰ জৰিয়তে আই আই টি গুৱাহাটী চৌহদত স্থাপন কৰা হ’ব এখন অত্যাধুনিক ছুপাৰ স্পেচিয়েলিটী হাস্পতাল ৷
KAAC Election 2022: কংগ্ৰেছৰ প্ৰথমখন ২২ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ
৮ জুনত অনুষ্ঠিত হ'ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন (Karbi Anglong Autonomous Council Election) ৷ এই উপলক্ষে শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে ।
Hyderabad Encounter case: বন্ধ খামত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়
হায়দৰাবাদত দলবদ্ধ ধৰ্ষণ আৰু পশু চিকিৎসকক হত্যাৰ গোচৰত চাৰিজন অভিযুক্তৰ এনকাউণ্টাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আজি তদন্ত আয়োগক বন্ধ খামত প্ৰতিবেদন (Sealed cover report ) দাখিল কৰাৰ নিৰ্দেশ দিছে ৷
Pegasus probe: পেগাচাছ সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন দাখিলৰ সময় বৃদ্ধি উচ্চতম ন্যায়ালয়ৰ
পেগাচাছ সন্দৰ্ভত কাৰিকৰী আৰু পৰ্যৱেক্ষক সমিতিক প্ৰতিবেদন দাখিলৰ বাবে সময়সীমা বৃদ্ধি কৰিলে উচ্চতম ন্যায়ালয়ে (SC extends time for submitting Pegasus probe report)। মে' মাহৰ শেষৰফালে সম্পূৰ্ণ হ'ব তদন্ত প্ৰক্ৰিয়া । তাৰ পাছতহে প্ৰতিবেদন প্ৰস্তুত কৰা হ'ব ।
মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰো দোষ আছে : বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
‘‘মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰো দোষ আছে (Government is also at fault for price hike)। চৰকাৰে সুলভ মূল্যত চাউল বিতৰণ কৰি শিক্ষিত কৃষকসকলক কৰ্মবিমুখ কৰি তুলিছে ৷ যাৰ ফলতে দেশ তথা ৰাজ্যত অভাৱনীয় হাৰত মূল্যবৃদ্ধি হৈছে (Price hike in Assam)’’ ৷ শুকুৰবাৰে মূল্যবৃদ্ধি সম্পৰ্কত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷