কলিয়াবৰ, ১১ জুলাই: বাঘক চিৰদিন মানুহে শত্ৰু বুলি গণ্য কৰি সুযোগ পালেই নিধন কৰি আহিছে ৷ বন্দুক-বাৰুদেৰে কলিয়াবৰত অভিজ্ঞ চিকাৰীসকলে অলেখ বাঘ নিধন কৰিলেও ৰাইজে বাঘক ভেটি মাৰিবলৈহে বেছি আগ্ৰহী আছিল ৷ কলিয়াবৰত মানুহে সংঘবদ্ধ হৈ বহুবাৰ বিদেশী শত্ৰুৰ লগত যুঁজ কৰিব লগা হৈছিল ৷
এতিয়া তাহানিৰ যুঁজ-বাগৰবোৰ নাই ৷ ফলত সুপ্ত হৈ থকা শক্তিখিনি ক্ষীণভাৱে হ’লেও একেলগে গৈ নৈ-বিলত মাছ ধৰা, বাঘ ভেটা আদিত প্ৰকাশ পাইছিল ৷ বাঘ ভেটা কাৰ্যটো সৰু-সুৰা এখন যুদ্ধৰ দৰেই ভয়ানক, উন্মাদনাপূৰ্ণ তথা উত্তেজনাপূৰ্ণ ৷ বাঘ ভেটা অঞ্চলৰ ৰাইজে নিজ নিজ গাঁৱৰ নামঘৰে নামঘৰে সমূহীয়াকৈ বাঘ ভেটা জাল তৈয়াৰ কৰিছিল ৷ বাঘ ভেটা জালখন গাঁওখনৰ শক্তি আৰু ঐক্যৰ প্ৰতীক ৷
আজিও ভালেমান নামঘৰত বাঘ ভেটা জাল আঁৰি থোৱা দেখা যায় ৷ ক'ৰবাত বাঘ ভেটিলে গাঁওখনে নিজৰ জালখন লৈ দলেবলে গৈ যোগ দিব পৰাটো এটা ডাঙৰ গৌৰৱ৷জাল গুঠিবৰ বাবে গাঁৱৰ প্ৰতি ঘৰৰ পৰা মৰাপাট সংগ্ৰহ কৰিছিল ৷ ভালেমান গাঁৱে জালৰ কাৰণে মৰাপাট সমূহীয়াকৈ খেতি কৰি লৈছিল ৷ মৰাগছৰ পাট উলিয়াই ৰছী তৈয়াৰ কৰি জাল তৈয়াৰ কৰে ৷
একোখন বাঘ ভেটা জালৰ দীঘ বিশৰ পৰা ত্ৰিশ হাত ৷ পথালিয়ে নিম্নতম আঠ হাত ৷ ৰছীবোৰৰ আকাৰ ডাঙৰ ৷ এখন জাল গুঠিবলৈ দুই মোনৰ পৰা আঢ়ৈ মোন মৰাপাটৰ প্ৰয়োজন ৷ জালৰ পাহিবোৰ পাঁচ-ছয় ইঞ্চি বৰ্গক্ষেত্ৰাকাৰৰ ৷ জালখনৰ তলে আৰু ওপৰে দুডাল শক্তিশালী ৰছী থাকে ৷ সেই দুডালক জালখনৰ 'ডন' বুলি ৷ ডন দুডালত লাগি থকা পাহিবোৰ দীঘল চানেকীয়া আয়তাকাৰ ৷ এই পাহিবোৰক 'লেৰুৱা' পাহি বোলে ৷
বাঘৰ উপস্থিতিত গাঁওখনত হৈ-চৈ লাগিব ৷ নামঘৰত থকা ডবাত কোব মাৰি গাঁৱৰ ৰাইজক নামঘৰলৈ অহাৰ জাননী দিয়ে ৷ যিকোনো বিপদ বা ৰাজহুৱা স্বাৰ্থত ডবাত কোব মাৰিলেই ৰাইজ নামঘৰলৈ ওলাই আহে ৷ অৱশ্যে নিয়মীয়াভাৱে দুপৰীয়া, সন্ধিয়া নামঘৰত ডবা কোবোৱা বেলেগ কথা ৷ অসময়ত পৰা ডবাৰ কোব শুনি ওচৰৰ অন্য গাঁৱৰ ৰাইজেও নিজ নিজ নামঘৰত ডবাত কোব মাৰি ৰাইজ গোট খুৱায় ৷ ডবাটোৱে আগতে এটা ফোনৰ কামেই কৰিছিল ৷
এই বাঘ ভেটাৰ সময়ত বেজৰো ভূমিকা আছে ৷ বেজে প্ৰথমে মন্ত্ৰ মাতি হাবিখনৰ চাৰিওফালে এপাক ঘূৰি বান্ধনি দিয়ে ৷ বাঘ বান্ধনি নিদিয়ালৈকে ভেটাৰ কাম নহয় ৷ বান্ধনি দি বেজ ঘৰত শুই থাকিলে বোলে বাঘো হাবিত শুই থাকে আৰু বেজ উঠি ঘূৰা-পকা কৰিলে বাঘেও ঘূৰা-পকা কৰে ৷ বাঘ শুই থকা সময়তে ৰাইজে ভেটাৰ কাম কৰে ৷
আচলতে শ শ মানুহৰ উপস্থিতিত বাঘ হাবিৰ মাজত চেপেটা লাগিহে থাকে ৷ তথাপি বাঘ ভেটাত বেজৰ ভূমিকা এটা এৰিব নোৱৰা অংশ ৷ বাঘৰ গাত সাতটা ভতৰা গৰুৰ বল থাকিলেও সাহসত বাৰী তিৰোতাৰ এফাল ৷ তথাপি লোকবিশ্বাসক উলাই দিয়া 'এলেও বেজ', 'শংকৰ বেজ', 'মোলোকা বেজ'ৰ নাম বাঘ ভেটা মানুহৰ মুখে মুখে৷জালৰ ভিতৰত থকা সৰু-সুৰা গছ-গছনি কাটি কাটি জালবোৰ চাৰিওফালৰ পৰা চপাই আনে ৷ ডাঙৰ গছ, বাঁহৰ জোপা আদি পাৰ কৰিবলৈ জাল খুলি আগবঢ়াব লাগে ৷
এইটো আচলতে বৰ সংকটপূৰ্ণ সময় ৷ এফালে জাল উঠালে আৰু আনফালে সেই কামত হাত নিদিয়ে ৷ পূবে ঢলফাঁট দিওঁতে আৰু ঠিক সন্ধিয়া লগাৰ আগে আগে বাঘে জাল ফালি ওলাই যাবলৈ আপ্ৰাণ চেষ্টা কৰে ৷ কেতিয়াবা দহ-বাৰ পাট যাঠীৰ খোঁচকো আওকাণ কৰি বাঘে ত্ৰাসৰ সৃষ্টি কৰে ৷ বাঘৰ মূৰ্তি দেখি যাঠী-জোং এৰি ভয়তে বহুতে দৌৰ মাৰে ৷ ফলত সাহ থকা দুই-এজনেহে বাঘক বশ কৰি ঘূৰাই পঠিয়ায় ৷ সেয়ে বাঘৰ আগতেল খোৱা সাহিয়ালসকলেহে যাঠী হাতত লয়৷বাঘক যাঠীৰে মাৰিবলৈ সিদ্ধান্ত হ'লে জাল চপাই আনি চাৰিওফালৰ পৰা যাঠীৰে ঢুকি পোৱা অৱস্থালৈ আনে ৷ গুলীৰে মাৰিবলৈ হ'লে জাল বেছি চপাব নেলাগে ৷ চাৰিওফালৰ পৰা অহৰহ আঘাতৰ কোবত এসময়ত প্ৰবল প্ৰতাপী বনৰজাই শেষ গোজৰণি মাৰি মাটিত ঢলি পৰে ৷
কলিয়াবৰৰ সাহিত্যিক পেঞ্চনাৰ প্ৰয়াত কুসুম বৰাই বাঘ ভেটা সম্পৰ্কে কেইবাটাও সুখপাঠ্য লেখা লিখিছিল । দশম শতিকাৰ ইন্দ্ৰপালৰ লিপিত বাঘ ভেটাৰ বিৱৰণ আছে ৷ অসমৰ অন্যান্য ঠাইৰ তুলনাত সম্ভৱতঃ কলিয়াবৰতে বেছি বাঘ ভেটি মৰা হৈছিল ৷ বাঘ ভেটি মৰাটো কলিয়াবৰত এসময়ত মহোৎসৱলৈ ৰূপান্তৰিত হৈছিল ৷ চৰকাৰে বাঘক ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা দি বন্যপ্ৰাণী সংৰক্ষণ আইন প্ৰণয়ন কৰাৰ আগলৈকে কলিয়াবৰত সঘনে বাঘ ভেটি মৰা হৈছিল ৷
কলিয়াবৰৰ কেইটামান অঞ্চল যেনে বৰভগীয়া, নলতলি, বাঘৰচুক, জমখলা, চিলাবন্ধা আৰু দেউৰী চিলাবন্ধাৰ ৰাইজৰ বাঘ ভেটাত উৎসাহ বেছি ৷ বাঘ ভেটাৰ বাবে চিলাবন্ধা গাঁৱৰ নাম অসমত জনাজাত ৷ চিলাবন্ধা অঞ্চলটোক কলিয়াবৰৰ ৰাইজে বাঘৰ বধ্যভূমি বুলি গণ্য কৰিছিল ৷ চিলাবন্ধা অঞ্চলত কেনেবাকৈ বাঘ যদি আহি সোমায়, সেই বাঘ উভতি যাব নোৱাৰে, ৰাইজে ভেটিবই ৷
একেটা বাঘৰ চোঙতে জালেৰে ভেটি মাক, পোৱালি সহ চাৰিটাকৈ বাঘ নিধন কৰা ঘটনা কলিয়াবৰৰ বাহিৰে অন্য ঠাইত বিৰল ৷ সেই মৰ্মান্তিক দৃশ্যই অনেকক কন্দুৱাইছিল ৷ মুঠতে কলিয়াবৰত এসময়ত বছৰি গড় হিচাপে ৮-১০টা বাঘ ভেটি মাৰিছিল ৷ আজি এই পৰম্পৰা অতীত হ'ল । অথচ এতিয়াও সেই দিনৰ ঘটনা সেই অঞ্চলৰ বয়োজ্যেষ্ঠসকলৰ মুখে-মুখে। বাঘ ভেটা জালবোৰ সংৰক্ষণৰ অভাৱত জহি-খহি নষ্ট হৈছে । তাৰ মাজতে দুই-এখন জাল নামঘৰত সংৰক্ষিত হৈ আছে । শেহতীয়াকৈ কলিয়াবৰ মহাবিদ্যালয়ৰ যাদুঘৰ এই জালসমূহ সংৰক্ষণৰ দিহা কৰিছে ।