নগাঁও, 7 ছেপ্টেম্বৰ: অৱশেষত পোহৰলৈ আহিছে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰাই শিশু বিক্ৰী হোৱা ঘটনাৰ ভয়ংকৰ তথ্য । চিকিৎসালয়ৰ পৰাই তিনি হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰা হৈছিল এটি তিনিবছৰীয়া কণমানি শিশু (Children sold for money)। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ(Bhogeswari Phukanani Civil Hospital) পৰা এটি দহ বছৰীয়া কন্যাৰ লগতে এটি তিনিবছৰীয়া শিশু সন্ধানহীন হোৱাৰ বাতৰিয়ে সমগ্ৰ ৰাজ্য তোলপাৰ লগোৱাৰ পাছত সাৰ পালে নগাঁও আৰক্ষীয়ে ।
বাতৰি সম্প্ৰচাৰৰ পাছতেই মঙলবাৰে সন্ধিয়া উদ্ধাৰ হৈছিল চিকিৎসালয়খনৰ পৰাই সোমবাৰৰ পৰা সন্ধানহীন হৈ থকা দহ বছৰীয়া কিশোৰীগৰাকী (Nagaon missing child rescued) । কিশোৰীগৰাকীৰ ভাষ্যৰ ভিত্তিতেই নগাঁও আৰক্ষীয়ে লাভ কৰিছিল প্ৰায় এটা মাহে নগাঁও চিকিৎসালয়ৰ বিছনাত মৃত্যুৰে যুঁজি থকা মহিলাগৰাকীৰ প্ৰকৃত পৰিচয় । মহিলাগৰাকী ঢেকীয়াজুলিৰ ৰেল আলিৰ সমীপৰ বুলি জানিব পৰা গৈছে । সোমবাৰে নিশা অগ্নিদগ্ধ মহিলাগৰাকীৰ মৃত্যুৰ পাছতেই পোহৰলৈ আহিছিল দুই সন্তান নিৰুদ্দেশৰ ঘটনা ।
বুধবাৰে নগাঁও আৰক্ষীৰ এটা দলে চামগুৰি আৰক্ষী থানাৰ(Samaguri Police Station) অন্তৰ্গত বিজুবাৰীৰ পৰা উদ্ধাৰ কৰে তিনিবছৰীয়া শিশুটিক । লগতে ঘটনা সন্দৰ্ভত আটক কৰে ইদ্ৰিছ আলী, আলীৰ পত্নীৰ লগতে মধ্যস্থতাকাৰী মহিলা ৰহিমা খাতুনক । শিশুটিক নিয়াৰ বিনিময়ত অসুস্থ মাতৃক তিনি হাজাৰ টকা দিয়াৰ কথাও স্বীকাৰ কৰিলে মধ্যস্থতাকাৰী মহিলাগৰাকীৰ লগতে ইদ্ৰিছৰ পত্নীয়ে । নিজৰ পুত্ৰ সন্তান নথকাৰ বাবেই এটি পৰিয়ালৰ অসহায় অৱস্থাৰ সুযোগ লৈ শিশুটিক চিকিৎসালয়ৰ পৰা লৈ যাবলৈ ইদ্ৰিছ আলীয়ে সংঘটিত কৰিলে আন এক ভয়ংকৰ ঘটনা ।
চিকিৎসালয়ৰ বিছনাত মৃত্যু যন্ত্ৰণাত চটফটাই থকা মহিলাগৰাকীৰ টিপ চহীও লোৱা হ'ল উকা কাগজত । অৱশ্যে ইদ্ৰিছ আলীয়ে যেন কোনো কাৰণতে স্বীকাৰ কৰিব নিবিচাৰিলে শিশু ক্ৰয় কৰাৰ কথা । স্মৰ্তব্য যে, চিকিৎসালয়ত মৃত্যুবৰণ কৰা মহিলাগৰাকী কি অৱস্থাত অগ্নিদগ্ধ হৈছিল সেয়া এইপৰ্য্যন্ত পোহৰলৈ আনিবলৈ সক্ষম হোৱা নাই নগাঁও আৰক্ষীয়ে ।
ইপিনে সোমবাৰে নিশাই মৃত্যুবৰণ কৰা মহিলাগৰাকীৰ মৃতদেহ চমজি ল’বলৈ কোনো আত্মীয় আগবাঢ়ি নহাত আজিও মৰ্গতেই পৰি আছে মহিলাগৰাকীৰ মৃতদেহ । মাতৃৰ সংকটজনক অৱস্থাৰ সুযোগ লৈ চিকিৎসালয়ৰ পৰা কিদৰে এটি শিশুক এটা অচিনাকি পৰিয়ালে লৈ যাবলৈ সক্ষম হ'ল সেয়া হৈ পৰিছে এক ডাঙৰ প্ৰশ্ন ।
লগতে পঢ়ক: নগাঁৱত ড্ৰাগছৰ বাবেই নাৰী গৃহৰ পৰা পলায়ণৰ চেষ্টা কৰি আহত কিশোৰী