ETV Bharat / state

কামপুৰত আৰক্ষীৰ অভিযান, জালত গভাইত চোৰ

author img

By

Published : Aug 16, 2019, 5:21 AM IST

Updated : Aug 16, 2019, 8:41 AM IST

কামপুৰ আৰক্ষীৰ বৃহৎ সফলতা। পাঁচ জনীয়া গভাইত চোৰৰ দলক আটক আৰক্ষীৰ। ধৃত চোৰ কেইটা ক্ৰমে মহম্মদ আলী, ইনামুল হক , ৰিয়াজুল হক , ৰফিকুল ইছলাম আৰু জুছনাৰা বেগম ।

কামপুৰ

বঢ়মপুৰ, 16 আগষ্টঃ কামপুৰ আৰক্ষীৰ বৃহৎ সফলতা। কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰবিন্দ সিঙৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ১৫ আগষ্টৰ নিশা বিশেষ সূত্ৰৰ পম খেদি পাঁচ জনীয়া গভাইত চোৰৰ দলক আটক কৰিবলৈ সক্ষম হয় । ধৃত চোৰ কেইটা ক্ৰমে মহম্মদ আলী, ইনামুল হক , ৰিয়াজুল হক , ৰফিকুল ইছলাম আৰু জুছনাৰা বেগম । দীৰ্ঘদিন ধৰি চোৰৰ দলটোৱে কামপুৰৰ অঞ্চলত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল । মহম্মদ আলীৰ কামপুৰ ঘিলানীৰ বাসগৃহ পৰা আৰক্ষীয়ে জেনেৰেটৰ, দুখন ফেন আৰু কম্পিউটাৰ মনিটৰৰ লগতে বহু নথি পত্ৰ উদ্ধাৰ কৰে । উল্লেখ্য যে ৮ আগষ্টৰ নিশা কামপুৰ দেৱনাৰিকলি গাওঁ পঞ্চায়তৰ এন আৰ চিৰ সেৱা কেন্দ্ৰত সংঘটিত চুৰি কাণ্ডৰ লগত জড়িত আছিল এই চোৰ কেইটা ৷

Intro:কামপুৰ আৰক্ষী বৃহৎ সফলতা। ৪ টা চোৰৰ লগতে এগৰাকী মহিলা চোৰক আটক ।

Anchor= কামপুৰ আৰক্ষী বৃহৎ সফলতা। ৪ টা চোৰৰ লগতে এগৰাকী মহিলা চোৰক আটক । ৮ আগষ্ট নিশা কামপুৰ দেৱনাৰিকলি গাওঁ পঞ্চায়তৰ এন আৰ চিৰ সেৱা কেন্দ্ৰত সংঘটিত হৈছিল চুৰি কাণ্ডৰ ঘটনা । দুৱাৰ ভাঙি কেন্দ্ৰটোত প্ৰৱেশ কৰি এটা জেনেৰেটৰ ,দুখন ফেন,এটা কম্পিউটাৰ মনিটৰ চুৰি কৰি নিছিল চোৰৰ দলটোৱে । ইয়াৰোপৰি দুটাকৈ আলমিৰা ভাঙি লণ্ড ভণ্ড কৰে এন আৰ চিৰ বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ । তাৰ পাছতে এন আৰ চি কতৃপক্ষই কামপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । এন আৰ চি কতৃপক্ষৰ এজাহাৰৰ ভিত্তিত কামপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল। ১৫ আগষ্ট নিশা বিশেষ সুত্ৰ পম খেদি কামপুৰ আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া পৰবিন্দ সিং ৰ নেতৃত্বত যোৱা এটা দলে ৪ টা চোৰৰ লগতে এগৰাকী মহিলা চোৰক আটক কৰিবলৈ সক্ষম হয় । ধৃত চোৰ কেইটা ক্ৰমে মহম্মদ আলী, ইনামুল হক , ৰিয়াজুল হক , ৰফিকুল ইছলাম আৰু জুছনাৰা বেগম । দীৰ্ঘদিন ধৰি এই চোৰৰ দলটোৱে কামপুৰৰ অঞ্চলত নানা ধৰণৰ চুৰি কাৰ্য সংঘটিত কৰি আহিছিল । উল্লেখ্য যে চুৰি কৰা জেনেৰটৰটো ধৃত মহম্মদ আলীৰ কামপুৰ ঘিলানীৰ বাসগৃহ পৰা উদ্ধাৰ কৰা লগতে দুখন ফেন আৰু কম্পিউটাৰ মনিটৰটো ধৃত চাৰি চোৰৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

Body:
Byte = চোৰ

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
Last Updated : Aug 16, 2019, 8:41 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.