ETV Bharat / state

ধিং জৱাহৰ নৱোদয় বিদ্যালয়ত শিক্ষকৰূপী ঘাতক

ধিং জৱাহৰ নৱোদয় বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি (Tension at Dhing Jawahar Navodaya Vidyalaya) । চাইনা ডনৰূপী (China Don) শিক্ষকে মদ্যপান কৰি ছাত্ৰক হত্যাৰ চেষ্টা । আৰক্ষীৰ সহায় বিচাৰি দুই কিলোমিটাৰ পথ খোজকাঢ়ি থানাত উপস্থিত ৫০ গৰাকী ছাত্ৰ ।

Dhing
Dhing
author img

By

Published : Aug 25, 2022, 5:52 PM IST

ধিং, ২৫ আগষ্ট : ধিং জৱাহৰ নৱোদয় বিদ্যালয়ত ওলাইছে চাইনা ডন (China Don) । চীনত হেনো কোনোবা এখন বিদ্যালয়ত ১৫০ গৰাকী ছাত্র-ছাত্ৰীক গুলীয়াই মাৰিছে এই চাইনা ডনে । ঠিক তেনেদৰেই ধিং জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্রসকলকো গুলীয়াই মাৰিব চাইনা ডনে । তাৰেই আৰম্ভণি হিচাপে বুধবাৰে নিশা চাইনা ডনে মদ্যপান কৰি এগৰাকী ছাত্ৰক চলালে হত্যাৰ চেষ্টা (tried to killed student consuming alcohol) ।

ধিং জৱাহৰ নৱোদয় বিদ্যালয়ত শিক্ষকৰূপী ঘাতক

পিছে কোন এইগৰাকী চাইনা ডন ? ধিং জৱাহৰ নৱোদয় বিদ্যালয়ৰ চাইনা ডনৰূপী এইজন হৈছে সংগীত শিক্ষক জ্যোতি প্ৰসাদ গৌৰ । মাত্ৰ দহদিনমানৰ পূৰ্বে একাংশ ছাত্ৰক চীন দেশৰ লগত তুলনা কৰি দিছিল হত্যাৰ ভাবুকি । অৱশেষত সেয়াই হ'লগৈ । বুধবাৰে নিশা এইগৰাকী চাইনা ডনৰূপী শিক্ষকে সুৰামত্ত অৱস্থাত বিদ্যালয়ৰ ভিতৰতেই এগৰাকী ছাত্ৰক চলালে হত্যাৰ চেষ্টা (alcoholic Teacher tried to kill student) ।

সুৰামত্ত শিক্ষকজনে মদ্যপান কৰি এজন ছাত্ৰক বেয়াকৈ প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় । তাৰ পাছতেই বিদ্যালয়খনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ (Tension at Dhing Jawahar Navodaya Vidyalaya) । চাইনা ডনৰ আক্ৰমণত আঘাতপ্রাপ্ত ছাত্ৰজন ধিঙৰ লহকৰ গাঁৱৰ বিকাশ দাস । নিশাই আঘাতপ্ৰাপ্ত ছাত্ৰজনক লগত লৈ প্ৰায় ৫০ গৰাকী ছাত্ৰই নিশাৰ এন্ধাৰত দুই কিলোমিটাৰ পথ খোজকাঢ়ি ধিং থানাত উপস্থিত হৈ অভিযোগ দাখিল কৰে (complain lodged at Dhing Police Station) ।

আনহাতে, থানালৈ অহাৰ সময়ত ছাত্ৰকেইজনৰ লগত নাছিল স্কুলৰ কোনো এজনো গাইড ৷ ধিং আৰক্ষীয়ে নিশাই আঘাতপ্ৰাপ্ত ছাত্ৰজনৰ স্বাস্থ্য পৰীক্ষা কৰায় । জানিব পৰা মতে, এই সমগ্ৰ ঘটনাটো সংঘটিত হয় এটা চিপ্ছৰ পেকেটৰ বাবে । ভুক্তভোগী ছাত্ৰজন বিদ্যালয়ৰ বাহিৰলৈ গৈ এটা চিপ্ছৰ পেকেট অনাক লৈয়ে সুৰামত্ত শিক্ষকজনে সংঘটিত কৰে উক্ত ঘটনা । আনহাতে, চাইনা ডনৰূপী মদাহী শিক্ষকজনৰ এই কৰ্মকাণ্ডই কালিমা সানিলে ধিং জৱাহাৰ নৱোদয় বিদ্যালয়ৰ ঐতিহ্যত ৷

ৰাইজৰ অভিযোগ, এনেদৰে একাংশ শিক্ষকৰ উদ্ভণ্ডালিয়ে বিঘ্নিত কৰিছে বিদ্যালয়ৰ শৈক্ষিক পৰিবেশ ৷ বিদ্যালয় প্ৰশানৰ সোপাঢিলা ব্যৱস্থাৰ বাবেই বিদ্যালয়খনত নিতৌ কেতবোৰ বিক্ষিপ্ত ঘটনা বৃদ্ধি পাবলৈ ধৰাৰো অভিযোগ ৷ যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে ধিং জৱাহৰ নৱোদয় বিদ্যালয়ত পঢ়ি থকা ছাত্র-ছাত্ৰীৰ অভিভাৱকসকল ।

লগতে পঢ়ক :গোৱালপাৰাৰ আটকাধীন দুই জেহাদীৰ সন্দৰ্ভত বিস্ফোৰক তথ্য

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.