ETV Bharat / state

Tense Situation at Kaliabor: কলিয়াবৰত মাছ ধৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jan 13, 2022, 7:45 PM IST

উৰুকাৰ দিনটোতে উত্তপ্ত হৈ পৰিল নগাঁৱৰ কলিয়াবৰৰ ৰাজপথ (Tense situation at Kaliabor) ৷ পৰম্পৰা ৰক্ষা কৰি সমুহীয়া মৎস্য চিকাৰ কৰিবলৈ যোৱা ৰাইজক প্ৰশাসনে বাধা দিয়াৰ পিছতে জটিল হৈ পৰে পৰিস্থিতি ৷ আৰক্ষীৰে হতাহতিৰো সৃষ্টি হয় ৷

Tense Situation at Kaliabor
কলিয়াবৰত মৎস চিকাৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

কলিয়াবৰ, 13 জানুৱাৰী: ভোগালী বিহুৰ উৰুকাৰ নিশা একেলগে এসাঁজ খোৱাটো পৰম্পৰা (Assamese people celebrating Bhogali Uruka)৷ সেই পৰম্পৰাৰ আঁতধৰি স্থানীয় বিল অথবা পুখুৰীত গাঁৱৰ ডেকা-বুঢ়া, জীয়াৰী-বোৱাৰী সকলোৱে মিলি সামুহিক মৎস চিকাৰ কৰাটো এখন চিনাকি ছবি (Traditional fishing in Assam) ৷ কিন্তু উৰুকাৰ পুৱা সামূহিক মৎস চিকাৰ কৰিবলৈ গৈ প্ৰশাসনৰ বাধাৰ সন্মুখীন হ’ল কলিয়াবৰৰ ৰাঙলুবাসী ৷

13 জানুৱাৰী পৰা 16 জানুৱাৰীলৈকে নগাঁও জিলা প্ৰশাসনে জিলাখনত জাৰি কৰিছে 144 ধাৰা (Section 144 imposed on group fishing) ৷ জৈৱ বৈচিত্ৰৰ প্ৰতি গুৰুত্ব প্ৰদানৰে জিলাখনৰ বিল, জলাশয়ত মৎস চিকাৰত জাৰি কৰা হৈছে নিষেধাজ্ঞা ৷ ফলত উৰুকাৰ পুৱাই মাছ মাৰিবলৈ ওলাই অহা শ-শ লোক প্ৰশাসনৰ বাধাৰ সন্মুখীন হ’বলগীয়া হয় ৷

ইয়াকে লৈ মাছ ধৰিবলৈ অহা লোকসকল প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে (Tense situation at Kaliabor) । প্ৰতিবাদী লোকসকলে ৰাজপথৰ দুয়োকাষে অৱস্থান কৰি বিক্ষোভ প্ৰকাশ কৰে ৷ সামুহিকভাৱে মাছ ধৰিবলৈ দি ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ দিয়াৰ দাবী জনায় প্ৰতিবাদী ৰাইজে ।

কলিয়াবৰত মাছ ধৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত যান জঁটৰো সৃষ্টি হোৱাৰ লগতে আৰক্ষীৰ সৈতে মহিলাৰ হতাহতি হয় ৷ যান জঁটৰ ফলত উজনি-নামনিমুখী যান-বাহনসমূহৰ চলাচল প্ৰায় এঘন্টাৰ বাবে ব্যাহত হৈ পৰে ৷ পৰিস্থিতি অধিক অৱনতি ঘটাত ঘটনাস্থলীত কলিয়াবৰৰ মহকুমাধিপতি উপস্থিত হৈ চাৰিগৰাকী কাৰ্যবাহী দণ্ডাধীশসহ বিশাল আৰক্ষী বাহিনীৰ সহযোগত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

লগতে পঢ়ক: CM on Covid protocol: বিহুৰ নামত আৱেগ সৃষ্টি কৰাসকল অসম বিৰোধী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.