কলিয়াবৰ,30 আগষ্টঃ চলিত বৰ্ষত বিশ্ব-বিশ্ৰুত দাৰ্শনিক, পণ্ডিত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিৱসটি কেন্দ্ৰীয়ভাৱে পালন কৰিব টেট উৰ্ত্তীণ শিক্ষক-শিক্ষয়ত্ৰীসকলে । এই কথা কেন্দ্ৰীয় সমিতিৰ বিষয়-ববীয়াই কলিয়াবৰত আয়োজিত এক সংবাদ মেলত ঘোষণা কৰে ।
স্থানীয় বিধায়ক তথা জল সম্পদ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰিবলগীয়া শিক্ষক দিৱসৰ মুকলি সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষা আৰু আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, স্বাস্থ্য,বিত্ত, গড়কাপ্তানী আৰু পেঞ্চন বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্থানীয় সাংসদ গৌৰৱ গগৈ, সৰ্বশিক্ষা অভিযানৰ মিচন সঞ্চালক চমছেৰ সিঙকে আদি কৰি অতিথি ৰূপে উপস্থিত থাকিব।