ETV Bharat / state

ৰহাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Jan 18, 2020, 8:40 PM IST

ৰহাৰ অন্তৰ্গত শিলভেটাত এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷ আফছানা বেগম নামৰ বোৱাৰী গৰাকীৰ মৃত্যু আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড সেয়া আৰক্ষীয়ে এই পৰ্যন্তলৈ প্ৰকাশ কৰা নাই ৷ আফছানাৰ পিতৃ পৰিয়ালৰ অভিযোগ মৰ্মে ই এক পৰিকল্পিত হত্যাকাণ্ড ৷ এটি সন্তানৰ মাতৃ আছিল বোৱাৰীগৰাকী ৷

ৰহা
বোৱাৰীৰ মৃত্যু

ৰহা,18 জানুৱাৰীঃ ৰহাৰ শিলভেটাত শনিবাৰে পোহৰলৈ আহিছে ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱা এগৰাকী বোৱাৰীৰ কাহিনী ৷ বোৱাৰীজনীৰ মৃত্যুৰ ফলত অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ঘটনাৰ বিৱৰণী মতে,মৃত বোৱাৰী গৰাকীৰ নাম আফছানা বেগম ৷ ৰহাৰ অন্তৰ্গত শিলভেটাৰ ৰছিদুল হ’কৰ পত্নী তথা এবছৰীয়া সন্তানৰ মাতৃ আফছানাৰ শুকুৰবাৰে মৃতদেহ ঘৰৰ ভিতৰতে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা হয় ৷ স্বামী পৰিয়ালে আফছানাই কেৰাচিন ঢালি জুই লগাই আত্মহত্যা কৰা বুলি দাবী কৰাৰ বিপৰীতে আফছানাৰ পিতৃ পৰিয়ালে ইয়াক পৰিকল্পিত হত্যাকাণ্ড বুলিহে দাবী কৰে ৷

বোৱাৰীৰ মৃত্যু

পিতৃ পৰিয়ালৰ অভিযোগ মৰ্মে,শাহুৱেক,শহুৰেক আৰু ননদে মিলি আফছানাক হত্যা কৰি কেৰাচিন ঢালি জ্বলাই দিয়ে ৷ পিছত হত্যাৰ ঘটনাটোক আত্মহত্যাৰ ৰূপ দিবলৈ বিচাৰে ৷ তদুপৰি বিয়াৰ পিছৰ পৰাই আফছানাৰ স্বামী পৰিয়ালে যৌতুক বিচাৰি বোৱাৰীগৰাকীৰ ওপৰত শাৰীৰিক-মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল । পূৰ্বে আফছানাৰ পিতৃয়ে শহুৰ পৰিয়ালক বিশ হাজাৰ টকা দিয়াৰ কথা সদৰী কৰে ৷

কিন্তু দীৰ্ঘদিনীয়া সংঘাতৰ পৰিণতিত বোৱাৰী গৰাকীয়ে মৃত্যুক আঁকোৱালি লয় ৷ সম্প্ৰতি এয়া হত্যা নে আত্মহত্যা সেয়া পোহৰলৈ অহা নাই ৷ ইতিমধ্যে আফছানাৰ পিতৃ পৰিয়ালে ৰহা থানাত শহুৰ,শাহু আৰু ননদৰ বিৰুদ্ধে এক অভিযোগ দাখিল কৰিছে । অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তিনিওজন ব্যক্তিকে আটক কৰি সোধ-পোছ অব্যাহত ৰাখে ।

লগতে চাওকঃপৰম্পৰাগত ৰীতি নীতিৰে ধেমাজি জিলাৰ জোনাই মহকুমাত আলি আয়ে লৃগাঙৰ লাইখুঁটা স্থাপন

Intro:ৰহাৰ শিলভেটাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু , স্বামীৰ পৰিয়ালে হত্যা কৰাৰ অভিযোগ ।Body: ৰহাৰ শিলভেটাত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুৱে অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। বোৱাৰী গৰাকীৰ নাম আফছানা বেগম। ৰহাৰ শিলভেটাৰ ৰছিদুল হকৰ পত্নী তথা এটি এবছৰীয়া সন্তানৰ মাতৃ আফছানাৰ শুক্ৰবাৰে ঘৰৰ ভিতৰতে অগ্নিদগ্ধ অৱস্থাত মৃতদেহ উদ্ধাৰ হয়। স্বামী পৰিয়ালে আফছানাই কেৰাচিন ঢালি আত্মহত্যা কৰা বুলি উল্লেখ কৰে যদিও আফছানাৰ মাতৃ পৰিয়ালে ইয়াক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰে। তেওঁলোকৰ অভিযোগ মতে আফছানাৰ শাহুৱেক, শহুৰেক আৰু ননদে মিলি আফছানাক হত্যা কৰি কেৰাচিন ঢালি জ্বলাই দি আত্মহত্যাৰ ৰূপ দিব বিছাৰিছে। আফছানাৰ মাতৃ পৰিয়ালৰ অভিযোগ মতে বিয়াৰ পিচৰে আফছানাৰ শহুৰ, শাহু আৰু ননদে যৌতুক বিচাৰি আফছানাৰ ওপৰত শাৰীৰিক মানসিক অত্যাচাৰ চলাই আহিছিল। আফছানাৰ পিতৃয়ে ইতিমধ্যে বিশ হাজাৰ টকাও দিছিল। কিন্তু সন্তুষ্ট হোৱা নাছিল শহু শাহু। দীৰ্ঘদিনীয়া সংঘাতৰ পৰিনতিতে মৃত্যুৰ ৰূপ ল'লে। এয়া আত্মহত্যা নে হত্যাকাণ্ড সেয়া পোহৰলৈ অহা নাই যদিও আফছানা যে নিৰ্যাতনৰ বলি হৈছে সেয়া সকলোৱে সন্দেহ কৰিছে। আফছানাৰ পিতৃ পৰিয়ালে ইতিমধ্যে ৰহা থানাত আফছানাৰ শহুৰ শাহু আৰু ননদৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে অভিযোগৰ ভিত্তিত তিনিওকে আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে।

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.