ETV Bharat / state

নিৰ্বাচনৰ নিৰাপত্তাথলীতে সতীৰ্থৰ গুলীত নিহত আৰক্ষী উপ পৰিদৰ্শক ভোলানাথ দাসৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

সম্পূৰ্ণ সামৰিক মৰ্য্যদাৰে আৰক্ষী বিষয়া ভোলানাথ দাসৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

author img

By

Published : May 5, 2019, 2:51 PM IST

আৰক্ষী উপ পৰিদৰ্শক ভোলানাথ দাসৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

বঢ়মপুৰ,৫ মে' : শোকাকুল পৰিৱেশত সামৰিক মৰ্য্যদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন সতীৰ্থৰ গুলীত নিহত হোৱা আৰক্ষী উপ পৰিদৰ্শক ভোলানাথ দাসৰ । লোকসভা নিৰ্বাচনত নিৰাপত্তাৰ দ্বায়িত্ব লৈ পশ্চিম বংগৰ হাওড়া জিলাত কৰ্তব্যত থকা অৱস্থাতে নিজ সতীৰ্থৰ গুলীত ধৰাসায়ী হয় সপ্তম আৰক্ষীৰ উপ পৰিদৰ্শক ভোলানাথ দাস । জানিব পৰা মতে, আৰক্ষী দুগৰাকীৰ মাজত কোনোধৰণৰ ব্যক্তিগত আক্ৰোশ নাছিল । হত্যাকাৰী লক্ষ্মীকান্ত বৰ্মন মানসিক বিকাৰগ্ৰস্ত আছিল আৰু অনিল ৰাজবংশী নামৰ জোৱান এজনক বচাবলৈ গৈ গুলীবিদ্ধ হয় আৰক্ষী বিষয়া ভোলানাথ দাস । এজন মানসিক বিকাৰগ্ৰস্ত লোকক নিৰ্বাচনী কামত কিয় নিয়োগ কৰা হৈছিল বুলি প্ৰশ্ন তোলাৰ লগতে হত্যাকাৰী জোৱানজনক গ্ৰেপ্তাৰ কৰাৰ লগতে হত্যাকাণ্ডটোৰ উচিত তদন্ত দাবী কৰিছে ভোলানাথ দাসৰ পৰিয়ালবৰ্গই ।

আৰক্ষী উপ পৰিদৰ্শক ভোলানাথ দাসৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

উল্লেখ্য যে , যোৱা ২ মে'ত অসম আৰক্ষীৰ সাত নম্বৰ বাহিনীৰ জোৱান লক্ষ্মীকান্ত বৰ্মনে নিজৰ ইনচাৰ্জ ৰাইফেলেৰে সতীৰ্থ জোৱান সকলক লক্ষ্য কৰি ধাৰাষাৰে গুলিয়াবলৈ ধৰে । মুঠ ১৮ জাঁই গুলী চালনা কৰাৰ ফলত অসম ৰাইফলছৰ উপ পৰিদৰ্শক ভোলানাথ দাস থিতাতে নিহত হোৱাৰ লগতে গুলীবিদ্ধ হৈ ৰণ্টুমনি মেধি আৰু অনিল ৰাজবংশী নামৰ জোৱান দ্বয় গুৰুতৰভাৱে আহত হৈ বৰ্তমানে চিকিৎসাধীন অৱস্থাত আছে । উক্ত ঘটনাই বাহিনীটোৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে আৰক্ষী বিষয়াজনৰ পৰিয়ালৰ এই অভিযোগে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।ইফালে দেওবাৰে অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক সত্যব্ৰত ৰায় মেধি উপস্থিত থাকি মৃতদেহত মাল্যৰ্পন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে ।

Intro:

শোকাকুল পৰিবেশত সামৰিক মৰ্য্যদাৰে আৰক্ষী বিষয়া ভোলানাথ দাসৰ অন্তুষ্টিক্ৰিয়া সম্পৰ্ণ ।অসম আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ পৰিয়ালৰ ।

Anchor=লোকসভা নিৰ্বাচনত নিৰাপত্তাৰ দ্বায়িত্ব লৈ পশ্চিম বংগৰ হাওডা জিলাত কৰ্তব্যত থকা অৱস্থাতে নিজ সতৰ্থীৰ গুলিত ধাৰাসায়ী হোৱা সপ্তম আৰক্ষীৰ উপ পৰিদৰ্শক ভোলাদাসৰ মৃতদেহ দেওঁবাৰৰ পুৱাই শোকাকুল পৰিবেশত সামৰিক মৰ্য্যদাৰে অন্তুস্তিক্ৰীয়া সম্পৰ্ণ কৰা হয় ।নিশা তিনি বজাত আৰক্ষী বিষয়া জনৰ মৃতদেহটো নিজ বাসগৃহ নগাঁৱৰ তুলসিমুখ পশ্চিম গোহাঁই গাওঁ পোৱাৰ লগে লগে গাওঁখনত এক শোকাকুল পৰিবেশে বিৰাজ কৰে ।শোকত ভাগি পৰা পৰিয়ালটোক সমবেদনা জনাবলৈ বিভিন্ন অঞ্চলৰ লোকে ভীৰ কৰেহি ।ইফালে আৰক্ষী বিষয়া জনৰ অন্তুুস্তিক্ৰীয়া অনুস্থানতে পৰিয়ালৰ লোকে বহু গুৰুতৰ অভিযোগ আনে অসম আৰক্ষীৰ বিৰুদ্ধে ।
Body:
V/o=সপ্তম অসম আৰক্ষীৰ উপ পৰিদৰ্শক ভোলানাথ দাসৰ মৃত্যৰ কাৰণ কোনো ধৰণৰ কাজিয়া নাছিল ।হত্যাকাৰী লক্ষ্মীকান্ত বৰ্মন মানসিক বিকাৰগ্ৰস্ত আছিল আৰু অনিল ৰাজবংশী নামৰ জোৱান জনক বচাব গৈহে গুলিবিদ্ধ হৈছিল ভোলানাথ দাস ।এই অভিযোগ ভোলানাথ দাসৰ পৰিয়ালৰ ।পৰিয়াটোৰ অভিযোগ মানসিক বিকাৰ গ্ৰস্ত লক্ষ্মীকান্ত বৰ্মনক নিৰ্বাচনী কামত নিয়োগ কৰিছিল সেই বিষয়া জনক গ্ৰেপ্তাৰ কৰাৰ লগতে হত্যাকাণ্ডটোৰ উচিত তদন্ত দাবী কৰিছে ভোলানাথ দাসৰ পৰিয়ালে ।উল্লেখ্য যে যোৱা দুই মেত অসম আৰক্ষীৰ সাত নম্বৰ বাহিনীৰ জোৱান লক্ষ্মীকান্ত বৰ্মনে নিজৰ ইনচাছ ৰাইফেলেৰে সতীৰ্থ জোৱান সকলক লক্ষ্য কৰি ধাৰাষাৰে গুলিয়াবলৈ ধৰে।মুঠ ১৮ জাঁই গুলি চালনা কৰাৰ ফলত অসম ৰাইফেলছৰ উপ পৰিদৰ্শক ভোলানাথ দাস থিতাতে নিহত হোৱাৰ লগতে গুলিবিদ্ধ হৈ ৰণ্টুমনি মোধক আৰু অনিল ৰাজবংশী নামৰ জোৱান দ্বয় গুৰুতৰ ৰূপে আহত হৈ বৰ্তমানে চিকিৎসাধীন হৈ আছে।উক্ত ঘটনাই বাহিনীটোৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে আৰক্ষী বিষয়াজনৰ পৰিয়ালৰ এই অভিযোগে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।

Byte=পৰিয়ালৰ লোক আৰু গাওঁবাসী ।

Conclusion:V/o=ইফালে আজিৰ অন্তুস্তি ক্ৰীয়া অনুস্থানত নগাঁও জিলাৰ আৰক্ষী অধিক্ষক সত্যব্ৰত ৰায় মেধি উপস্থিত থাকি মৃতদেহত মাল্যপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে ।উল্লেখ্য যে

বৰ্তমানেও জনোৱা নাই বুলি অভিযোগ কৰিছে ভোলানাথ নাথ দাসৰ পুত্ৰ অমৃত দাসে ।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.